Site icon Guwahati Times

শাওন মাহটো শিৱ বাবাৰ প্ৰিয় হোৱাৰ কাৰণ জানি লওক

ॐ नमः शिवाय🙏

শাওন মাহৰ শেষটো সোমবাৰ🕉️

দেৱাদিদেৱ মহাদেৱ শিৱ বাবাৰ

বাবে শাওন মাহটো খুবেই প্ৰিয় বুলি আমি সকলোৱে জানো..!!!

বছৰৰ ১২তা মাহৰ ভিতৰত..

শাওন মাহটো শিৱ বাবাৰ.. আটাইতকৈ প্ৰিয় মাহ।।

১/শাওন মাহতে সমুদ্র মন্থন কৰা হৈছিল।

সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা.. কালকুট বিষ মহাদেৱে শাওঁণ মাহতে পান কৰিছিল।।

২/হলাহল বিষ পান কৰাৰ পাছত..

শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল।।  ব্ৰহ্মা আৰু দেৱতাগণে.. শিৱৰ দেহত তাপ কমাবলৈ.. তেওঁৰ দেহত জলাভিষেক কৰিছিল।।

তেতিয়াৰপৰা শাওন মাহত.. মহাদেৱক জলাভিষেক.. নিয়ম কৰাৰ আৰম্ভ হল।।

বল বমৰ উদ্দেশ্য এটাই

নীলকণ্ঠ শিৱ বাবাক-জলাভিষেক কৰি সন্তোষ প্ৰদান কৰা।। ( Religious Studies )

৩/শাস্ত্ৰৰ মতে-শাওন‌ মাহৰ পৰা পালনকৰ্তা

ভগৱান বিষ্ণুৱে-৪মাহ কাল নিদ্ৰামগ্ন

অৱস্থাত থাকে।।

৪/দেৱী সতীয়ে শাওঁণ মাহতেই শিৱ বাবাক আৰাধনা কৰি-তেওঁক স্বামী ৰূপে পাইছিল।।

অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ শুভ মিলন শাওঁণ মাহতে ই হৈছিল।।

৫/পুৰাণৰ মতে-মহাদেৱ শিৱই-পাৰ্ৱতী দেৱীক

শাওঁণ মাহত ই.. সৃষ্টিৰ ৰহস্য আৰু..

অমৰ কথা শুনাইছিল।।

সেয়হে-মহাদেৱ শিৱ বাবাৰ বাবে..

শাওঁণ মাহটো অতি প্ৰিয় মাহ।।

শাওঁণ মাহত-

শিৱ লিংগত-জলাবিষেক কৰিলে.. প্ৰভূ

সন্তুষ্ট হয়।। (কথাখিনি সংগ্ৰহিত)..

Exit mobile version