Site icon Guwahati Times

নীলা চাহ খাই পাইছেনে? স্বাদত অনন্য আৰু স্বাস্থ্যৰ বাবেও উপকাৰী…

চাহ ভাল নোপোৱা মানুহ বা চাহ খোৱাৰ অভ্যাস নথকা মানুহ খুব কমেই আছে আমাৰ মাজত। গাখীৰ চাহ খাই ভাল লাগিলেও বাৰে বাৰে খাই থকাতো ভাল নহয়। মানুহে চাহো আজিকালি স্বাস্থ্যৰ উপকাৰিতা চাইহে খোৱা হৈছে। ৰঙা চাহ, গ্ৰীণ টিৰ অভ্যাস বহুতে গঢ়ি তুলিছে। ইয়াৰ মাজতে আৰু এবিধ চাহ জনপ্ৰিয় হ’বলৈ লৈছে। সেইবিধ হ’ল নীলা চাহ। দেখাত খুবেই আকৰ্ষণীয় এইবিধ চাহৰ উপকাৰীতা জানো আহক-
গ্রীণ টি-ৰ দৰে সমানেই উপকাৰী ব্লু টি বা নীলা চাহ। ই ভাল এন্টিঅক্সিডেন্ট। শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

নীলা চাহৰ উপকাৰিতাসমূহঃ

1.ডাই ইউৰেটিক হোৱা বাবে ইউৰিনেছনত সহায় কৰে। 2.আকৌ ইয়াত থকা চাইক্লোটাইডৰ এন্টি এইচআইভি, এন্টি-টিউমাৰ গুণ আছে।
3.ঠাণ্ডা লগাৰ সমস্যা দূৰ কৰাত সহায় কৰে।
4.ডায়বেটিছ ৰোগীৰ বাবে এই নীলা চাহ বিশেষভাৱে উপকাৰী(যদি চেনী নিদিয়াকৈ তৈয়াৰ কৰা হয়)।
5.নীলা চাহ ছাল আৰু চুলিৰ বাবেও বিশেষ উপকাৰী। 6.এন্টি-গ্লাইচেটিন গুণৰ বাবে ছালৰ পক্ষে খুব ভাল। 7.এন্থোছায়ানিন থকাত চুলি সৰাৰ সমস্যাতো কাম কৰে নীলা চাহে।
8.নিয়মিত এই চাহ পান কৰিলে হতাশা মুক্তিৰো ই মহৌষধ।
9.ডিমেনছিয়া ৰোগীৰ বাবে এই চাহ বিশেষ উপকাৰী।
10.কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰে এই চাহে।
নীলা চাহৰ এন্টিঅক্সিডেণ্ট গুণ হজমত সহায়ক।

কেনেকৈ তৈয়াৰ কৰে নীলা চাহ?

একাপ অপৰাজিতা নীলা চাহ বনাবলৈ লাগে ৪-৫টা শুকান নীলা অপৰাজিতা ফুলৰ পাপৰি। গৰম পানীত সেই শুকান পাপৰি দি পাঁচৰ পৰা সাত মিনিট ভিজিব দিব লাগে। চাহৰ ৰং ধীৰে ধীৰে নীলা হ’বলৈ আৰম্ভ কৰিলে কাপত ঢালি দিব। বিচাৰিলে চেনী আৰু নেমুৰ ৰসো মিলাব পাৰে। অৱশ্যে নেমুৰ ৰস দিলে নীলা ৰঙৰ সলনি সামান্য বেঙুনী হৈ যাব চাহকাপ। স্বাদ বঢ়াবলৈ চাহৰ সৈতে লং, দালচেনী, ইলাচীও মিহলাব পাৰে।

Exit mobile version