Site icon Guwahati Times

বেদৰ এই শক্তিশালী মন্ত্ৰই আপোনাৰ দৈনন্দিন জীৱনত মেজিকৰ দৰে কাম কৰিব

বিশ্বৰ আদি গ্ৰন্থ চাৰি বেদৰ শেষৰ খন গ্ৰন্থ অথৰ্ৱবেদ। ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদৰ দৰে অথৰ্ৱবেদত দেৱতাক মহিমামণ্ডিত কৰা নাই , এই বেদত  আয়ুৰ্বেদ, ঔষধ প্ৰয়োগ, ৰোগৰ নিৰাময়ৰ উপায়, বীজাণু বিষয় আৰু চিকিৎসা পদ্ধতিৰ বিষয়ত জ্ঞান দিয়া আছে । ( Religious Studies )

অথৰ্ববেদত ৰোগৰ নিৰাময়ৰ মন্ত্ৰ সমূহৰ উপৰিও সুন্দৰ জীৱনৰ বাবে দৈনন্দিন নিজৰ লাগতীয়াল কিছুমাণ উপায় বৰ্ণনা কৰা আছে যিবিলাকে মেজিকৰ দৰে কাম কৰে।

অথৰ্ববেদত দীৰ্ঘ জীৱনৰ বাবে মন্ত্ৰ, সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা, ৰজা হোৱাৰ মন্ত্ৰ, পাপৰ প্ৰায়শ্চিত্ত কৰাৰ মন্ত্ৰ, প্ৰেম মন্ত্ৰ, অন্ত্যেষ্টিক্ৰিয়ামন্ত্ৰ আৰু বহুতো ৰীতি-নীতিমন্ত্ৰ  আছে।

প্ৰাচীন কালত ঋষি মুনি সকলে ভগৱানক পাবৰ বাবে,  পৰম জ্ঞান লাভ কৰিবৰ বাবে মন্ত্ৰ জপ কৰিছিল।  সেই সকল ঋষি মুনিৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত পিচৰ কালৰ সাধু সৈন্ন্যাসী সকলে জ্ঞানৰ অমৃত পান কৰিব পাৰিছে।

দেৱী দেৱতাৰ বাসস্থান এই ভাৰত বৰ্ষ জ্ঞানৰ ভাণ্ডাৰ । অতীতৰ ঋষি মুনি সকলে প্ৰতিজন দেৱী দেৱতাৰ নামেৰে মন্ত্ৰ এই ভাৰত বৰ্ষৰ আকাশ বতাহৰ পৰাই বিচাৰি উলিয়াইছিল।

কিন্তু মন্ত্ৰ মানে কি:—

মন্ত্ৰ হৈছে কিছুমান শব্দ আৰু শব্দাংশৰ সংযোজন। মন্ত্ৰৰ শব্দ বা শব্দাংশ বিলাক শক্তি যুক্ত  হয় । এই শক্তি যুক্ত মন্ত্ৰ বিলাক একোবাৰ উচ্চাৰণ   কৰিলে কম্পন হৈ তৰঙ্গৰ সৃষ্টি কৰে ।এই তৰঙ্গই ঐশ্বৰিক শক্তিক চুই আকৌ আমাৰ গালৈ আহে ( Religious Studies )

একো একোজন দেৱতাৰ নাম বাৰে বাৰে গাই থাকিলে শব্দৰ শক্তি তৰঙ্গই সেই দেৱতা জন আৰু সাধক জনৰ মাজত যোগসূত্ৰ আনি দিয়ে

 

Exit mobile version