Site icon Guwahati Times

ৰঙিয়াত নিশা শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত শিক্ষক

নিশা ৰঙিয়াৰ সমীপৰ ভাটকুছীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো

নিহত বাইক আৰোহীজন হল ফাটেমা কণভেণ্ট্‌ বিদ্যালয়ৰ সহকাৰী শিক্ষক চনাম দৰ্জী

চনাম দৰ্জীৰ ঘৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটানত

নিশা ঘগ্ৰাপাৰৰ নিজ ভায়েকৰ ৰেষ্টুৰেণ্টৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবতি লয় চনাম দৰ্জীয়ে

চনাম দৰ্জীৰ পৰিয়ালে জানিব দিয়া মতে নলবাৰী আৰু কামৰূপ সীমান্তৰ নোনা নৈ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰি আছিল শিক্ষকজনৰ মৃতদেহ ৷ কোনো অচিনাকি বাহনে খুন্দিওৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ

চনাম দৰ্জীয়ে মাত্ৰ কেইদিনমান পুৰ্বে ক্ৰয় কৰিছিল দুৰ্ঘটনাত পতিত হোৱা ৰয়েল এনফিল্ড বাইক খন

নিশাই ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপষ্ঠিত হৈ মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে ৷

Exit mobile version