Site icon Guwahati Times

আপোনাৰ সংগী কি আপোনাৰ ওপৰত ইমোশনাল অত্যাচাৰ চলায় ?

যেতিয়া এজন মানুহ সম্পর্কত থাকে, তেতিয়া সকলোৱে ভালে থাকিব বিচাৰে ! তাৰ বিপৰীতে কিছুমান মানুহ সম্পর্কত থাকিলে দেখা যায় তেওঁলোকে বহুত দুখত থাকে । মানুহ দুখত থকাৰ বহুতো কাৰণ থাকিব পাৰে, তাৰে ভিতৰত এটা কাৰণ হৈছে ইমোশনাল অত্যাচাৰ, হয় আপোনাক যদি আপোনাৰ সংগীইয়ে ইমোশনাল অত্যাচাৰ চলায় তেনেহলে আপুনি কেনেকৈ জানিব যে আপোনাৰ ওপৰত ইমোশনাল অত্যাচাৰ চলি আছে ! হয় আজি আমি আলোচনা কৰিম Emotional Blackmail কি ! আৰু আপোনাৰ ওপৰত যদি ইমোশনাল অত্যাচাৰ হয় তেনেহলে আপুনি কেনেকৈ গ’ম পাব –

সকলো সময়ত আপোনাক সৰু বুলি ভাৱে, ভালপোৱাৰ স্থান একে অপৰৰ সমান ! যদি আপোনাৰ সংগী আপোনাক সঁচা ভালপায় তেনেহলে আপোনাক কেতিয়াও সৰু বুলি নাভাৱে । কিন্তু আপোনাৰ সংগীয়ে আপোনাক সৰু বলি ভৱাৰ বহতো কাৰণ থাকিব পাৰে, সেয়ে আপোনাৰ সম্পর্ক কেতিয়াও বিচ্ছেদ নকৰিব । আগতে ইয়াৰ কা ৰণ সমূহ জানি লওক ।

অভিযোগ কৰে নাই, কিছুমান মানুহ আছে নিজে একো কৰিব নোৱাৰে ! কিন্তু বেলেগক অভিযোগ দিয়ে । সেই মানুহবোৰে ভাল বেয়া চিনি নাপায়, অকল মানুহক অভিযোগ দিব জানে । আৰু যদি আপোনাৰ ওপৰত অকল অভিযোগ দি থাকে তেনেহলে আপোনাৰ সতর্ক হোৱা ওচিত । কাৰণ এইটো বহুত বেয়া অভ্যাস, আপুনি আপোনাৰ সংগীক চিদা – চিদি কৈ দিয়ক, মই এনেকৈ অভিযোগ দিয়া ভাল নাপাও ।

পাত্তা নিদিয়া, আপুনি যেতিয়া (Relationship) ত থাকে তেতিয়া আপুনি আশা কৰে যে আপুনি গোটেই জীৱন তাৰ লগত অতিবাহিত কৰিব পাৰে, কিন্তু যেতিয়া আপোনাৰ সংগীয়ে আপোনাক পাত্তা নিদিব তেতিয়া আপোনাৰ এনেকুৱা লাগিব যেন আপোনাৰ জীৱনটো অসার্থক হ’ল । সেই বাবে আপুনি যেতিয়া দেখিব লাহে লাহে আপোনাৰ সংগীয়ে আপোনাক পাত্তা নিদিয়া হ’ল । তেতিয়া আপোনাৰ সংগীক এই কথাটো অৱগত কৰক, যে মই লক্ষ্য কৰি আছোঁ তুমি লাহে লাহে মোক পাত্তা নিদিয়া হ’লা । এনেকে হ’লে কেনেকে চলিব ।

ইমোশনাল অত্যাচাৰ চলালে আপুনি কি কৰিব, আপোনাৰ সংগী যদি আপোনাৰ ওপৰত ইমোশনাল অত্যাচাৰ চলায় তেনেহলে আপুনাৰ কি কৰা অচিত ? এই ক্ষেত্রে সকলো বিষয় মানি ললে নচলিব । তাৰ বিপৰীতে আপোনাকো ইস্পষ্টকৈ ক’ব লাগিব যে যদি তুমি মোৰ লগত ইমোশনাল অত্যাচাৰ চলোৱা (Emotional Blackmail) তেনেহলে মই ইয়াৰ প্রতিবাদ কৰিবলৈ বাধ্য হম ।

Exit mobile version