Site icon Guwahati Times

ৰামভক্ত হনুমান জীৰ গদা অস্ত্ৰৰূপে পৰিগণিত হোৱাৰ প্ৰহেলিকা:-জানো আহক ইয়াৰ মূল তত্ত্বকথা-

ৰুদ্ৰাঞ্চ খ্যাত হনুমান জীৰ সাৰথি ৰূপে আমি অনেক সময়ত আমি ফটো হওক বা সকলোতে গদা সংগী ৰূপে দেখোঁ। তদুপৰি ৰামভক্ত হনুমান জীক ভগৱান শিৱ অথবা বিষ্ণুৰ সমকক্ষ নাইবা সমান শক্তিসম্পন্ন বুলিও গণ্য কৰা হয়।

বিখ্যাত জ্যোতিষী ডঃ ৰাধাকান্ত ভাটছেৰ তথ্য অনুসৰি হনুমানৰ গদাত হনুমানত সম পৰিমাণৰ শক্তি থকা বুলিও মত প্ৰকাশ কৰিছিল।যিটো বৰ্তমান সময়তো এক ৰহস্য বুলি ভবা হয়।এই ৰহস্যৰ ভেদ অনুসৰি স্বভাৱত নিঃসংকোচ আৰু দয়ালু হনুমান জীয়ে ধনৰ দেৱতা কুৱেৰক লগ কৰিবলৈ মন মেলিছিল।কুৱেৰৰ সৈতে মিলিত হোৱাৰ পিছত ধনৰ দেৱতা গৰাকীয়ে হনুমান জীৰ শাৰীৰিক শক্তি প্রদর্শনত আপ্লুত হৈ গদা এটি উপহাৰ স্বৰূপে প্ৰদান কৰিছিল।

হনুমান জীৰ শক্তি প্ৰদৰ্শনৰ প্রশংসা চাৰিওদিশে বিৰাজমান হৈ থকাৰ সময়তে তেওঁ বিভিন্ন সময়ত নিজৰ শক্তিৰ দ্বাৰা গদা লাভ কৰিবলৈ সক্ষম হৈছিল।তেনে সময়তে ধনৰ দেৱতা গৰাকীয়ে আশীষ দিছিল যে গদাৰ সহায়ত হনুমান জী ইমানেই শক্তিশালী হব যে গদাৰ সহায়ত ভৱিষ্যতত তেওঁক কোনেও বশ কৰিব নোৱাৰিব।

 

এই প্ৰবাদৰ পৰা বিশ্বাস কৰা হয় যে কুৱেৰে হনুমান জীক খেলাৰ বাবে গদা প্ৰদান কৰা হৈছিল যদিও উক্ত সময়তে গদাত অপৰিসীম শক্তিৰ প্ৰৱেশ ঘটিছিল।ইয়াৰ প্ৰমাণ স্বৰূপে গদা হনুমান জীৰ প্ৰতিদিনৰ সংগী হৈ পৰে।তদুপৰি বাওঁহাতেৰে গদা ধাৰণ কৰা বাবে হনুমান জীক বামহস্তগদয়ুক্তম বুলিও নামাকৰণ কৰা হয়।
উপৰোক্ত সকলোবোৰ দৃষ্টিকোণৰ পৰাই হনুমান জীক গদাধাৰী বুলি গণ্য কৰা হয়।

পঢ়ুৱৈ বা পাঠক সমাজে আমাৰ এই প্ৰতিবেদন সন্দৰ্ভত নিজ মতামত দাঙি ধৰে যেন।লগতে প্ৰতিবেদনটো শ্বেয়াৰ কৰি নিজৰ লগতে আনকো কিছু দিশৰ জ্ঞান অর্জনত সুবিধাকণ দিয়ে যেন।ধন্যবাদ

Exit mobile version