Site icon Guwahati Times

নগাঁৱৰ আমোলাপট্টি স্থিত শিৱ মন্দিৰত কাছ চুৰক আটক ৰাইজৰ

সোমবাৰে পুৱাই শিৱা বাবাৰ আশীষ ল’বলৈ আহি ভক্তই ধৰিলে দুই কাছ চুৰক।

চুৰ দুটাই মন্দিৰৰ দেৱাল পাৰ হৈ প্ৰৱেশ কৰিছিল মন্দিৰত।

তাতে কাম কৰি থকা ৰং মিস্ত্ৰীয়ে দেখা পাই পুৰোহিতক খবৰ দিয়ে তাৰ পিছতেই ভক্তই আটক কৰে চুৰ দুটাৰ।

আটকাধীন চুৰ দুটাৰ নাম মুন দাস আৰু বুবুল দাস বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত ঘটনা স্থলীত ইটাচালী আৰক্ষী উপস্থিত হৈ ধৃত চুৰ দুটাক থানালৈ লৈ যায়।

ধৃত চুৰ দুটাৰ ঘৰ নগাঁৱৰ বেবেজীয়া আৰু লাওখোৱা ৰোড বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কাছটোক পৰৱৰ্তী সময়ত মন্দিৰৰ পুখুৰীত এৰি দিয়ে

Exit mobile version