Site icon Guwahati Times

গৰুৰ পূজনৰ দ্বাৰা মনৰ সকলো ইচ্ছা পূৰ্ণ হয়

হিন্দু ধৰ্মত গৰুক মাতা বুলি কোৱা হয়। ভগৱান শ্ৰী কৃষ্ণয়ে গৰুৰ সেৱা নিজ হাতেৰে কৰিছিল।আৰু গৰুৰ নিবাস স্থলী গোলকতে বুলি কোৱা হয়।গৰুক কামধেনু ৰূপটো-সকলো ইচ্ছা পূৰ্ণ কৰে বুলি কোৱা হয়। ( Religious Studies )

হিন্দু ধৰ্মত-গৰুৰ এই মহত্বৰ পাছত বহু কাৰণ আছে।যাৰ ধাৰ্মিক আৰু বৈঞ্জানিক মহত্বও আছে।

*মা শব্দৰ উৎপত্তি গো-বংশৰ দ্বাৰা হল-

*আজিও ভাৰতীয় সমাজত গৰুক,গো-মাতা বুলি কোৱা হয়।শাস্ত্ৰ অনুসাৰে ব্ৰহ্মা দেৱে যেতিয়া-সৃষ্টিৰ ৰচনা কৰিছিল-তেতিয়া সৰ্বপ্ৰথম গৰুকে পৃথিৱীলৈ পঠিয়াইছিল।সকলো জীৱ-জন্তুৰ মাজত গৰুৱে এনে এক প্ৰাণী হয়-যিয়ে মা শব্দৰ উচ্চাৰণ কৰে।সেইবাবে কোৱা হয়-মা শব্দৰ উৎপত্তি গো-বংশৰ দ্বাৰা হল।গৰুৱে নিজৰ গাখীৰৰ দ্বাৰা আমাক সকলোকে লালন-পালন কৰে।আয়ুৰ্বেদৰ অনুসাৰে মাতৃ দুগ্ধ পাছত-লৰা-ছোৱালীৰ বাবে গৰুৰ গাখীৰে উত্তম।

*গৰুৰ পূজন দ্বাৰা-মনৰ ইচ্ছাৰ পূৰ্ণ-

*ধাৰ্মিক আস্থা অনুসাৰে-গো পূজনৰ দ্বাৰা মনোবাঞ্জিত ফলৰ প্ৰাপ্তি হয়।ঘৰৰ সমৃদ্ধিৰ বাবে-ঘৰত গৰু থকাটো বহুত শুভ মনা হয়।কোৱা হয় যে-বিদ্যাৰ্থীয়ে অধ্যয়নৰ লগতে-গৰুৰ সেৱাও কৰিব লাগে।ইয়াৰদ্বাৰা বিদ্যাৰ্থীৰ মানসিক বিকাশ তীব্ৰ গতিত বৃদ্ধি হয়।সন্তান আৰু ধনৰ প্ৰাপ্তিৰ বাবে-গৰুক ঘাঁহ খুৱাটো আৰু গৰুৰ সেৱা কৰাটো বহুত ফলদায়ক গণ্য কৰা হয়। ( Religious Studies )

*গৰুৰ-

শিংত-ব্ৰহ্মা,বিষ্ণু,মহেশ।

*ভবিষ্য পুৰাণৰ অনুসাৰে-গৰুৰ শিংত তিনিও লোকৰ দেৱী-দেৱতা বিদ্যামান থাকে।সৃষ্টিৰ ৰচনাকৰ ব্ৰহ্মা আৰু পালনকৰ্তা বিষ্ণু গৰুৰ শিংৰ ওপৰৰ অংশত বিৰজামান থাকে আৰু গৰুৰ শিংৰ মধ্য ভাগত শিৱ-শংকৰে বিৰাজমান কৰে।গৰুৰ লালতিত মা গৌৰী তথা নাসিক ভাগত ভগৱান কাৰ্তিক বিৰাজিত থাকে।

*গৰুৱে উশাহৰ দ্বাৰা টানি লয় সকলো পাপ-

-ধাৰ্মিক আস্থা অনুসাৰে-গৰুৱে নিজৰ সেৱা কৰা ব্যক্তিৰ সকলো পাপ নিজৰ উশাহৰ দ্বাৰা টানি লয়।গায় যত বহে-সেই ঠাইৰ বাতাবৰণ শুদ্ধ কৰি সকাৰত্মাকতাৰ দ্বাৰা ভৰাই তুলে।এনেদৰে এইবাবে কোৱা হয় যে-গৰু যতে বহে,সেই স্থানত সম্পূৰ্ণ নিৰ্ভিকতাৰে বহে।কোৱা হয় যে-গৰুৱে বহি থকা ঠাইকনৰ সকলো পাপ নিজৰ ভিতৰত সামৰি,সেই ঠাইকন শুদ্ধ কৰি দিয়াৰ ক্ষমতা থাকে গৰুৰ।

*গোমূত্ৰ হয় লাভজনক-

*আনফালে যত গৰুৰ গোবৰ পবিত্ৰ কায্যত-ঘৰৰ লেপন দিয়াত প্ৰয়োগ কৰা হয়।তাতে গোবৰৰ দ্বাৰা প্ৰস্তত ওপলে-যজ্ঞ কৰিবলৈ প্ৰয়োগ কৰা হয়।কোৱা হয় যে-গৰুৰ গোবৰৰ দ্বাৰা যজ্ঞ কৰিলে বাতাবৰন আৰু ঘৰৰ আশে-পাশে থকা কীট-পতংগ দূৰ হয় আৰু বায়ু শুদ্ধ হয়।গোমূত্ৰৰো বহুত ঔষধ তৈয়াৰ কৰিবলৈ প্ৰয়োগ কৰা হয়।কাৰণ গোমূত্ৰত ৰোগাণুক মৰাৰ ক্ষমতা থাকে।

Exit mobile version