Site icon Guwahati Times

এই ৮ বিধ খাদ্য খাই প্ৰাকৃতিকভাৱে কমাই দিয়ক ডায়েবেটিচ

মধুমেহ বা ডায়েবেটিছ, প্ৰতিঘৰ মানুহৰ ঘৰত হয়তো এই ৰোগত আক্ৰান্ত ব্যক্তি এজন হ’লেও আছে।আমি সকলোকে জানো যে, এই ৰোগ জীৱনকালত কোনো দিন নিৰাময় নহয়, ইয়াক মাত্ৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়।এই ৰোগত আক্ৰান্ত হ’লে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা যথেষ্ট কঠিন হৈ পৰে।কিছুমান খাদ্যই আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে আৰু কিছুমানে প্ৰকৃতিকভাৱে এই ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। প্ৰাকৃতিকভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰি মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰা খাদ্যসমূহৰ বিষয়ে আজি জানো আহক-

হ’ল গ্ৰেইনছ : ‘হ’ল গ্ৰেইনছ’ যেনে ওটচ, বাৰ্লি তথা কুইনোৱায়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰা যথেষ্ট সহায় কৰে। সেয়ে মধুমেহ ৰোগীসকলে এই জাতীয় খাদ্য দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাটো অত্যন্ত দৰকাৰী।

ছিয়া ছিডছ : ছিয়া ছিডছত অধিক পৰিমানে আঁহ অধিক থাকে। ই অন্ত্ৰৰ মাজেৰে খাদ্য চলাচল কৰা আৰু শোষিত হোৱাৰ হাৰ হ্ৰাস কৰি আপোনাৰ শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে।

ফল-মূল: এই ৰোগত আক্ৰান্ত ৰোগীসকলে ফল-মূল খুব খাব লাগে।ফলৰ ভিতৰত বিশেষকৈ ষ্ট্ৰ’বেৰী, আঙুৰ আৰু আপেলে টাইপ টু ডায়েবেটিছত ঔষধৰ কাম দিয়ে।

শাক-পাচলি: পাচলিত কেলৰি কম আৰু আঁহ অধিক থাকে। যাৰ ফলত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই যথেষ্ট সহায় কৰিব পাৰে।এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ উপযোগী কেতবোৰ শাক-পাচলি হৈছে পালেং, ব্ৰকলি, বেঙেনা, ৰঙালাও, বিলাহী, সেউজীয়া বীন, গাজৰ, জলকীয়া আৰু ফুলকবি।

নহৰু: নহৰুৱে ডায়েবেটিচ থকা লোকসকলৰ ৰক্ত শৰ্কৰা, প্ৰদাহ, এলডিএল কলেষ্টেৰল আৰু ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

ধনিয়া গুটি: ধনিয়া গুটিবোৰে তেজৰ পৰা শৰ্কৰা আঁতৰ কৰাৰ লগতে এনজাইম সক্ৰিয় কৰি তেজত গ্লুকোজৰ স্তৰ নিয়মীয়া কৰাত সহায় কৰে।

বাকহুইট চাহ: বাকহুইটত দ্ৰৱণীয় আঁহ থাকে।ই শৰ্কৰাৰ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে আৰু ডায়েবেটিচ নিয়ন্ত্ৰণত সহায় কৰে।

এপল চাইডাৰ ভিনেগাৰ: এপল চাইডাৰ ভিনেগাৰে ইনচুলিন সংবেদনশীলতা উন্নত কৰা তথা ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাসত সহায় কৰে।
এই নিবন্ধটোৰ তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। ই আপোনাক সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰাৰম্ভিক ধাৰনা কৰাত সহায় কৰিব। অধিক পৰামৰ্শৰ বাবে আপুনি চিকিৎসকৰ সহায় ল’ব।

Diabetes

Exit mobile version