Site icon Guwahati Times

মহাশিৱৰাত্ৰীত ঘৰলৈ আনক এই ৩টা বস্তু, ঘৰত আজীৱনেই বিৰাজ কৰিব শান্তি…

শিৱৰাত্ৰীলৈ মাজত মাত্ৰ কেইটামান দিন। ১৮ ফেব্ৰুৱাৰী শনিবাৰে পালন কৰা হ’ব মহাশিৱৰাত্ৰী। প্ৰতি বছৰেই ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰী পালন কৰা হয়। শিৱৰাত্ৰীত মহাদেৱৰ পূজা অৰ্চনা কৰিলেই সমস্ত দুখ-কষ্ট দূৰ হয় বুলি লোকবিশ্বাস। শিৱৰ আছে বহুকেইটা নাম। ভোলানাথ, আদিগুৰু, আদিযোগী, দেৱাদিদেৱ, দিগম্বৰ, কৈলাশনাথ, মহাদেৱ আদি। মুঠ ১০৮টা নামেৰে শিৱক জনা যায়।

সোনকালেই সন্তুষ্ট হোৱা ভগৱানৰ ভিতৰত শিৱ অন্যতম। সামান্য পানী, বেলপাত, ধতুৰা ফুল দিলেই মহাদেৱ সন্তষ্ট হয়। ইয়াৰোপৰি এনে কেইবিধমান বস্তু আছে যি শিৱৰ অত্যন্ত প্ৰিয়। শাস্ত্ৰ অনুসৰি মহাশিৱৰাত্ৰীত ঘৰলৈ এইকেইবিধ বস্তু আনিলেই বহু সমস্যাৰ পৰা সমাধান পোৱা যায়। শিৱৰ প্ৰিয় বস্তুকেইপদ ঘৰলৈ আনিলে ঘৰত আৰ্থিকভাৱে স্বচ্ছলতা আহে।

ৰত্নৰ শিৱলিংগ
মহাশিৱৰাত্ৰীত ৰত্নখচিত শিৱলিংগ ঘৰলৈ আনিব লাগে। গ্ৰহ দোষ কাটিবৰ বাবে উল্লেখযোগ্য উপায়েই হৈছে ৰত্নৰ শিৱলিংগ ঘৰত স্থাপন কৰা। কোনো ব্যক্তিৰ কোষ্ঠীত গ্ৰহদোষ থাকিলে সেয়া কটাবলৈকে ৰত্নৰ শিৱলিংগ ঘৰলৈ অনাটো প্ৰয়োজন। ঘৰৰে মন্দিৰত এই শিৱলিংগ প্ৰতিষ্ঠা কৰি মহাশিৱৰাত্ৰীত পূজা অৰ্চনা কৰিব লাগে।

পাৰদ শিৱলিংগ
ঘৰত পাৰদ শিৱলিংগ স্থাপন কৰিব লাগে। শাস্ত্ৰতো পাৰদ শিৱলিংগৰ গুৰুত্ব আছে। পাৰদ শিৱলিংগ ঘৰত ৰাখিলে পিতৃ দোষ, কালসৰ্প দোষ, বাস্তু দোষৰ পৰা মুক্তি পোৱা যায়। পাৰদ শিৱলিংগ ঘৰত ৰাখিলে দৈনিক পূজা অৰ্চনা কৰাটো নিতান্তই প্ৰয়োজন। ইয়াৰোপৰি শিৱমন্ত্ৰও জপ কৰিব লাগে।

তামৰ ঘট
মহাশিৱৰাত্ৰীত তামৰ ঘট দি শিৱক প্ৰসন্ন কৰিব পাৰি। পাৰিবাৰিক কলহ, বিবাদ বৃদ্ধি হৈ থাকিলে তামৰ ঘট গৃহত বহুৱাব লাগে। এইদৰে ঘট বহুৱালে বিবাদৰ অন্ত পৰে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Exit mobile version