Site icon Guwahati Times

অচিনাকি মহিলাৰে উলংগ হৈ ভিডিঅ’ কল কৰি ৬০ লাখ টকা হেৰুৱালে যুৱকে

যৌনতাৰ জালত পেলাই ভয় দেখুৱাই এজন ৬৫ বছৰীয়া লোকৰ পৰা হেকাৰে লৈ গ’ল ৬০ লাখ টকা৷ এই ঘটনা সংঘটিত হৈছে মুম্বাইত৷ অপৰাধৰ ভাষাত ইয়াৰ নাম ‘ছেক্সটৰচন’৷ অচিনাকি মহিলাৰ সৈতে ভিডিঅ’ কলত যৌনতাত লিপ্ত হৈছিল ৬৫ বছৰীয়া লোকজন৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

পত্নীৰ বিয়োগৰ পিছত অকলশৰে কটাবলগীয়া হয় এই লোকজনে৷ ইয়াৰ পিছতে মেট্রিমনিয়েল ছাইটত নিজৰ প্রফাইল খুলিছিল লোকজনে৷ এই ছাইটত এগৰাকী মহিলাৰ সৈতে বার্তালাপ হয় লোকজনৰ৷ কিছুদিনৰ ভিতৰতে তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠে৷ আনকি দুয়ো ফোনত কথা পাতিবলৈ লয়৷ লাহে লাহে লোকজনলৈ মহিলাগৰাকীয়ে ভিডিঅ’ কল কৰিবলৈ লয়৷ বিবস্ত্র হৈ মহিলাগৰাকীয়ে লোকজনক ভিডিঅ’ কল কৰিবলৈ লোৱাৰ উপৰি তেওঁকো বিবস্ত্র হ’বলৈ আহ্বান জনায়৷

শেষত সেই লোকজনৰ ভিডিঅ’ ফাদিল কৰি দিয়াৰ ভাবুকি দেখুৱাই ৬০ লাখ টকা সৰকাইছে অপৰাধী চক্রটোৱে৷ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই দুর্বৃত্তক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে যদিও সক্ষম হোৱা নাই৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও এনে অনুৰূপ ঘটনা সংঘটিত হৈছে মুম্বাইত৷

Exit mobile version