Site icon Guwahati Times

মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছে অমিত শ্বাহ, গুৱাহাটী বিমান বন্দৰত গৃহমন্ত্ৰী শ্বাহক আদৰণি

মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰ্ন্তজাতিক বিমান বন্দৰত পদাৰ্পণ কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ।

কেশৱ মহন্ত, অতুল বৰা, ৰণজিৎ দাস, ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোচা, যোগেন মহন আদি কেইবাজনো মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহক বিমান বন্দৰত আদৰণি সম্ভাষণ জনায়।

উল্লেখযোগ্য যে, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাত এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ আহিছে অমিত শ্বাহ।

Exit mobile version