Site icon Guwahati Times

মহাশিৱৰাত্ৰিৰ দিনা কোন ৰাশিৰ লোকে কি আগবঢ়াব লাগে শিৱলিংগত?

কাইলৈ মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ পুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। এই দিনটোত সেউজীয়া কাপোৰ পিন্ধাটো শুভ। ইয়াৰ পিছত শিৱ মন্দিৰলৈ গৈ বিশুদ্ধ পানী, কুঁহিয়াৰৰ ৰস, গাখীৰ, দৈ, মৌ আৰু ঘিউ আদিৰে শিৱলিংগক অভিষেক কৰক। ইয়াৰপাছতে বেলপাত, ভাং, ধাতুৰা, ফলমূল, মিঠাই আদি ভগৱানক অৰ্পণ কৰক। ইয়াৰ পিছত শিৱ চালিছা পঢ়ক আৰু ভগৱান শিৱৰ মন্ত্ৰ জপ কৰক।

কিন্তু আপুনি জানি লওক আপোনাৰ ৰাশি অনুযায়ী ভগৱান শিৱক কি আগবঢ়াব-

মেষঃ বেলপাত অৰ্পণ কৰক।

বৃষ ৰাশিঃ গাখীৰৰ লগত পানী মিহলাই আগবঢ়াব।

মিথুন ৰাশিঃ দৈত পানী মিহলাই আগবঢ়াব।

কৰ্কট ৰাশি:  চন্দন কাঠ আগবঢ়াওক।

সিংহ ৰাশি : ঘিউৰ চাকি জ্বলাব।

কন্যা ৰাশিঃ ক’লা তিল আৰু পানী মিহলাই অভিষেক কৰক।

তুলা ৰাশিঃ বগা চন্দন কাঠ পানীত মিহলাই আগবঢ়াব।

বৃশ্চিক ৰাশি: পানী আৰু বেলপাত আগবঢ়াব।

ধনু ৰাশিঃ আবিৰ বা ফাকু আগবঢ়াওক।

মকৰ ৰাশিঃ ভাং আৰু ধটুৰা আগবঢ়াব।

কুম্ভ ৰাশি : ফুল আগবঢ়াওক।

মীন ৰাশিঃ কুঁহিয়াৰৰ ৰস আৰু কেশৰেৰে অভিষেক।

Exit mobile version