Site icon Guwahati Times

গোসাঁইগাঁৱৰ জ্যেষ্ঠ অধিবক্তাৰ মুখত দুৰ্বৃত্তৰ এছিড নিক্ষেপ।

গোঁসাইগাঁৱৰ জ্যোষ্ঠ অধিবক্তাক দুৰ্বৃত্তৰ আক্ৰমণ। নিজ গৃহত সোমাই প্ৰাণে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ। ভুক্তভোগী গোঁসাইগাঁও উকীল সন্থাৰ জ্যোষ্ঠ অধিবক্তা তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মবিলৰ নিবাসী আব্দুছ ছামাদ আহমেদ।সম্প্ৰতি পৰিয়ালৰ লোকে ততাতৈয়াকৈ অধিবক্তাগৰাকীক ইতিমধ্যে গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে যদিও শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ৰোগীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। উল্লেখ যে গোঁসাইগাঁও ন্যায়িক দন্ডাধীশ আদালতত অধিবক্তাগৰাকীয়ে নিয়মীয়াকৈ নিজৰ কাম শেষ কৰি বজাৰৰ পৰা নিজ গৃহত প্ৰৱেশ কৰা মাত্ৰই দুজন অচিনাকী দুৰ্বৃত্তই অধিবক্তা ছামাদৰ মুখমণ্ডলত এছীড নিক্ষেপ কৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত প্ৰশাসনিক সঠিক তদন্তৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে গোঁসাইগাঁও উকীল সন্থাই। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজমূলক পৰিবেশৰ সৃষ্টি হৈছে।

Exit mobile version