Site icon Guwahati Times

তিতা চুলিত টাৱেল মেৰিয়াই থলে সোনকালে নোহোৱা হ’ব চুলি!

যদি আপুনিও চুলি ধুই লগে লগে টাৱেল বান্ধি লয়, তেন্তে আজিৰ পৰাই বন্ধ
কৰক, নহ’লে আপোনাৰ চুলি চিৰদিনৰ বাবে ক্ষতিগ্ৰস্ত হ’ব। টাৱেল বান্ধিলে কি
অসুবিধা হয় জানো আহক-

চুলিত টাৱেল বান্ধিলে চুলি সৰিব পাৰে, তিতা চুলিত টাৱেল বান্ধিলে চুলি
কেকুৰা কৰি পেলায়, ইয়াৰ বাবে চুলি টানি যায় আৰু আনকি শক্তিশালী চুলিও
সৰিব পাৰে।

গা ধোৱাৰ পিছত মূৰত টাৱেল বান্ধিলে চুলি শুকুৱাব পাৰে, চুলিত টাৱেলখন
বেছি সময় বান্ধি ৰাখিলে চুলিৰ প্ৰাকৃতিক তেল ক্ষয় হয়। চুলিত শুকানতা
আহে।

চুলিখিনি টাৱেলত বহু সময় মেৰিয়াই ল’লে চুলিৰ জিলিকনি আৰু চমক শেষ হ’ব পাৰে।

চুলিখিনি টাৱেলত বহু সময় মেৰিয়াই থাকিলে চুলিৰ প্ৰাকৃতিক তেল নোহোৱা হয়।
শুকান আৰু নিৰ্জীৱ হৈ পৰে ।

টাৱেলখন চুলিত বহু সময় মেৰিয়াই থাকিলে গুৰিত প্ৰভাৱ পৰে, চুলি গুৰিৰ
পৰা সৰিবলৈ আৰম্ভ কৰে। চুলিখিনি ভালদৰে শুকুৱাবলৈ কপাহী টাৱেল বা কাপোৰ
এখন লৈ চুলিখিনি ভালদৰে মেৰিয়াই ল’ব লাগে। কিছু সময়ৰ পিছত চুলিত থকা
অতিৰিক্ত পানী কাপোৰ বা টাৱেলে শোষণ কৰিব, তাৰ পিছত চুলিখিনি খোলা ৰাখি
শুকুৱাবলৈ দিব।

Exit mobile version