Site icon Guwahati Times

বিয়া খাই ঘৰ ওভতাৰ পথতে তীব্ৰবেগী ডাম্পাৰে প্ৰাণ কাঢ়ি নিলে বাইক আৰোহী যুৱতীৰ

 বিয়া খাই ঘৰ ওভতাৰ পথতে তীব্ৰবেগী ডাম্পাৰে পুনৰ প্ৰাণ কাঢ়ি নিলে বাইক আৰোহী যুৱতীৰ, গুৰুতৰভাৱে আহত ভাতৃ

মিৰ্জাত ডাম্পাৰৰ খুন্দাত মৃত্যু বাইক আৰোহী যুৱতীৰ। গুৰুতৰভাৱে আহত ভাতৃও। পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাৰ জোনাকীপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় হাজোৰ টোক্ৰাদিয়াৰ নিৱাসী সুস্মিতা কলিতা (২৬) নামৰ যুৱতীগৰাকীৰ। আনহাতে গুৰুতৰভাৱে আহত হয় সুস্মিতাৰ ভাতৃ আশীশ কলিতা। জানিব পৰা অনুসৰি, মিৰ্জাত বিয়া খাবলৈ আহি ভাতৃৰ সৈতে বাইকেৰে ঘৰলৈ উভতিছিল যুৱতীগৰাকীয়ে।

Exit mobile version