Site icon Guwahati Times

আন এক নৃশংস হত্যাকাণ্ডঃ বেগত ভৰাই আনিলে চিন্ন মুণ্ড

ৰাজ্যত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰি মুণ্ড লৈ আহি থকা অৱস্থাত আটক কৰা হৈছে এজনক।

এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ টীয়কত। টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক। হত্যাকাৰী লোকৰজনে এটা বেগত ভৰাই আনিছিল মুণ্ডটো।

আৰক্ষীয়ে লগে লগে আটক কৰে হত্যাকাৰীলোকজনক। জানিব পৰা মতে মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ। আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত সোধপোচ অব্যাহত ৰাখিছে।

 

Exit mobile version