Site icon Guwahati Times

নগাঁও আৰক্ষীৰ সফল অভিযান মদ ভৰ্তি বাহন উদ্ধাৰ, চাৰিজনক আটক।

১৫ ফেব্ৰুৱাৰী পৰা নিখোজ হৈ থকা BR 06GC 0487 নাম্বাৰৰ সুৰা ভৰ্তি বাহন উদ্ধাৰ।‌ যোৱা নিশা দৰংৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

নগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত চলিছিল এই অভযান।

যোৱা নিশা দৰং, শোনিতপুৰ, বৰপেটাত নগাঁও আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চাৰিজনকৈ কুখ্যাত চুৰক।

অভিযানত প্ৰায় ৬০০ কাৰ্টুন সুৰাও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে।

আটকাধীন চুৰ কেইটা ক্ৰমে মফিজ আলী, আবু বক্কৰ ছিদ্দিক,ৰাজু আলী, আৰু আবু কালাম বুলি জানিব পৰা গৈছে।

সম্প্ৰতি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

উল্লেখ্য যে এতি‌য়াও ঘটনাৰ লগত জড়িত কেইবাজন লোক পলাতক হৈ আছে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সেই লোক কেইজনক আটক কৰিব পাৰে নে সেয়া সময়ত লক্ষণীয় হ’ব।

Exit mobile version