Site icon Guwahati Times

অৰুণোদয় আচঁনিৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ : নাজিৰা মহকুমাৰ গেলেকী ন- পুখুৰী গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ এগৰাকীও অন্তভূক্ত নহ’ল ।

চৰকাৰৰ বহু প্ৰচাৰিত অৰুণোদয় আচঁনিৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যোগ্য মহিলা বঞ্চিত হোৱাত সম্প্ৰতি জিলা , মহকুমা প্ৰশাসনৰ কাৰ্যালয়কে ধৰি গাওঁ পঞ্চায়ত সমূহৰ কাৰ্যালয়ত প্ৰতিবাদ – ধৰ্ণাৰে উত্তাল কৰি তুলিছে দুখীয়া পৰিয়ালৰ বঞ্চিত মহিলা সকলে । আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়তো সমষ্টিটোৰ নাজিৰা মহকুমাৰ গেলেকী ন-পুখুৰী গাওঁ পঞ্চায়তৰ দুই নং ৱাৰ্ডৰ শতাধিক মহিলাই ক্ষোভ উজাৰে । পঞ্চায়তটোৰ দহটা ৱাৰ্ডৰ বাচকবনীয়া যোগ্য মহিলাৰ নাম নিৰ্বাচন কৰি তালিকা প্ৰস্তুত কৰিছিল যদিও চূড়ান্ত তালিকা প্ৰকাশ কৰাত ৱাৰ্ডটোৰ এগৰাকীও নাম হিতাধিকাৰীৰ তালিকাত অন্তভূক্ত নোহোৱাত ইয়াৰ সুব্যৱস্থা গ্ৰহণৰ দাবী জনাই অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ যোগেদি চৰকাৰী কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

Exit mobile version