Site icon Guwahati Times

ভগৱান শ্ৰী গণেশৰ এনে মূৰ্তি ঘৰত নাৰাখিব

বুধবাৰৰ দিনটো বিঘ্নহৰ্তা শ্ৰী গণেশৰ উপাসনাত উৎসৰ্গিত।বুধবাৰৰ দিনটোত গণেশ মন্দিৰত- গণপতি বাপ্পাক দৰ্শন কৰাটো শুভ।

আমি ভগৱান গণেশৰ মূৰ্তি-ঘৰ,কায্যালয়,দোকান আদিত ৰাখো।যাতে কামত কোনো বাধা নাহে।প্ৰতিটো দিন শুভ হয়।কেতিয়াবা অজ্ঞাতৰে আমি ভগৱান গণেশৰ মূৰ্তি ৰাখো যি অশুভ হব পাৰে আৰু স্থাপত্যৰ ক্ৰুটি বৃদ্ধি কৰিব পাৰে।ঘৰ,দোকান,কায্যালয়,আদিত কেনে ধৰণৰ মূৰ্তি ৰাখিব নালাগে-

গণেশ মূৰ্তিৰ সৈতে সম্পৰ্কিত ধৰ্মীয় বিশ্বাস-

১/কেতিয়াও ঘৰৰ ভিতৰত পেৰিছৰ প্লাষ্টাৰেৰে নিৰ্মিত গণেশৰ মূৰ্তি নাৰাখিব।বাস্তুৰ মতে-মাটি,গোবৰ,ধাতু বি স্ফটিক বালিৰে নিৰ্মিত ভাষ্কৰ্যবোৰ ভাল আৰু শুভ বুলি গণ্য কৰা হয়।

২/ঘৰৰ ভিতৰত ভগৱান শ্ৰী গণেশৰ মূৰ্তি বহি থকা ৰখাৰ বাবে ভাল হব।কৰ্মস্থানত থিয় হৈ থকা গণপতিৰ এটি মূৰ্তি স্থাপন কৰিব লাগে।যত ভগৱান গণেশৰ ভৰি পৃথিৱী স্পৰ্শ কৰিব লাগে।

৩/ঘৰৰ ভিতৰত আপুনি এনে গণেশৰ মূৰ্তি স্থাপন কৰিব লাগে-যি বাওঁফালে চাই থাকে।বিশ্বাস কৰা হয়-এনে গণেশ মূৰ্তিৰ স্বাভাৱিক ধৰণে পূজা কৰিব পাৰি।

৪/সঠিক প্ৰবচি থকা গণেশৰ মূৰ্তি হৈছে-দক্ষিণমুখী মূৰ্তি।এয়াক উপাসনা কৰিবলৈ আপুনি সকলো নিয়ম অনুসৰণ কৰিব লাগে।যি সকলোৰে বাবে সম্ভৱ নহয়।এনে মূৰ্তিক জাগ্ৰত মূৰ্তি বুলি কোৱা হয়।ইয়াৰ বাবে উপাসনাৰ নিয়ম অনুসৰণ কৰাৰ প্ৰয়োজন।ইয়াত বিফল হলে-গণপতিৰ খং উঠে আৰু তাৰপাছত সমস্যাৰ বৃদ্ধি হয়।।

৫/গণপতিৰ ছৱি বা মূৰ্তিৰ উপাসনা কৰাৰ উচিত নহয়-যত তেওঁৰ বাহন নিগনি নাথাকে।ধৰ্মীয় বিশ্বাস অনুসৰি এনে ছৱি বা মূৰ্তি ক্ৰটিপূৰ্ণ।পূজা কৰাৰ ফলতো ক্ৰটি হয়।

৬/কেতিয়াও ঘৰৰ ভিতৰত গণেশৰ ভঙা মূৰ্তি বা কোনো দেৱতাক উপাসনা নকৰিব।এনে কৰিলে বাস্তু ক্ৰটি বৃদ্ধি হয় ।

Exit mobile version