Site icon Guwahati Times

”আজি গান গাবলৈ মন নাই” মঞ্চৰ পৰা নামি গ’ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ

পুনৰ বিতৰ্কত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়। এইবাৰ জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

মঙলবাৰে নিশা শিৱসাগৰত বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। মৰমৰ জুবিনক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ। ডেকা, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলোৰে অপেক্ষা জুবিনক চাবলৈ।

গান গাবলৈ মঞ্চত উঠিল জুবিন। আৰম্ভ কৰিলে গান। কিন্তু দুই শাৰী গান গোৱাৰ পাছতেই মন নোযোৱা হ’ল জুবিনৰ। ক’লে– ”কেতিয়াবা কাৰোবাৰ গান গাবলৈ মন যায়, কেতিয়াবা মন নাযায়। আজি মোৰ মন নাই। বাই লাভ ইউ”। এনেকৈ কোৱাৰ পাছতেই মঞ্চৰ পৰা নামি গ’ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ।

Exit mobile version