Site icon Guwahati Times

টীয়কত নিশা আলফাৰ নামত চাঞ্চ্যল্যকৰ ডকাইতি কাণ্ড

আজাৰগুৰি সংযোগী পথ নিৰ্মাণত নিয়োজিত কৰ্মচাৰীক টীয়কৰ কলিয়াপানীত যোৱা নিশা ডকাইত কৰি হত্যা কৰিবলৈ লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে। উল্লেখযোগ্য যে আলফাৰ নাম ব্যৱহাৰ কৰি কলিয়াপানী অঞ্চলৰ ৰাজু আলি নামৰ যুৱকজনে এম পি আগৰৱালাৰ পথ নিৰ্মানৰ কৰ্মত নিয়োজিত দীপক শৰ্মা নামৰ মঙলদৈৰ ব্যক্তিজনৰ পৰা মণি বেগ, এটা সোণৰ আঙঠি আৰু মোবাইল ফোন লৈ উধাও হয়। পৰৱৰ্তী সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা দুজন লোকে সমগ্ৰ ঘটনা দেখি ৰাজু আলিক পিছে পিছে খেদি যায় যদিও ৰাজু আলিয়ে মণি বেগৰ ধন লৈ উক্ত স্থানত মোবাইল, খালি মণি বেগ এৰি পলায়ন কৰে। উল্লেখযোগ্য যে ৰাজু আলিক ধন দিবলৈ অমান্তি হোৱাত ৰাজু আলিয়ে কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ লগতে আলফাৰ নাম কৈ হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল দীপক শৰ্মাক। পৰৱৰ্তী সময়ত টীয়ক আৰক্ষীৰ সহযোগত পলাতক ৰাজু আলিক নিজ গৃহৰ পৰা আটক কৰি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে।

Exit mobile version