Site icon Guwahati Times

নগাঁৱৰ উৰিয়াগাঁৱত গীতিকাৰ, প্ৰাক্তন অধ্যাপক গুণ শইকীয়াৰ “গীতত্ৰয়ৰ” উন্মোচন,শিল্পী গোলাপ বৰাৰ জন্মদিন পালন

নিউজ ব্যুৰ’,নগাঁও,২মাৰ্চ:–নগাঁও জিলাৰ উৰিয়াগাঁওস্থিত “সুন্দৰম”ৰ উদ্যোগত সুন্দৰম ৰঙ্গমঞ্চৰ প্ৰাংগণত বুধবাৰে গীতিকাৰ,প্ৰাক্তন অধ্যাপক, নাট্যশিল্পী গুণ শইকীয়াৰ তিনিটা শ্ৰব্যগীত আনুষ্ঠানিকভাৱে উন্মোচনৰ লগতে প্ৰবীণ কণ্ঠশিল্পী, লেখক গোলাপ বৰাৰ ৭০ সংখ্যক জন্মদিন উদযাপন উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । “সুন্দৰম”ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেবানন্দ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত গীতিকাৰ গুণ শইকীয়াৰ ৰচিত গীতত্ৰয় ক্ৰমে “শিল্পী তুমিতো আছিলা মানুহৰ অমল প্ৰাণৰ…”(সুৰ:গোলাপ বৰা, কণ্ঠদান:সন্তোষ কলিতা),”আষাৰ মাহত যেতিয়া ঢলফাট…”(সুৰ : দীপক শৰ্মা,কণ্ঠদান:সন্তোষ কলিতা)আৰু “ৰংহীন নিৰূপা এই আকাশখনি…”(সূৰ্য বন্দনা গীত; সুৰ-সংগীত পৰিচালনা:দীপক শৰ্মা,কণ্ঠদান:নিলোৎপল গায়ন) আনুষ্ঠানিকভাৱে উন্মোচন কৰি বিশিষ্ট গায়ক আৰিফুল হকে গীতকেইটাৰ মান উচ্চ মানদণ্ডৰ হৈছে বুলি মন্তব্য কৰে। লেখক যজ্ঞেশ্বৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত গীতিকাৰ,শিক্ষাবিদ গুণ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মই গীত সংগীতৰ এ বি চি ডি-কে নজনা বা বুজি নোপোৱা মানুহ ৷ তেনেকুৱা মানুহজনক গোলাপ বৰাদেৱে আজি উন্মোচন হোৱা প্ৰথম গীতটোত সুৰ আৰোপ কৰি মোক গীত ৰচনা কৰিবলৈ উৎসাহিত কৰিলে ৷ গতিকে বৰাদেৱ মোৰ গুৰু । এই ক্ষেত্ৰত ছাত্ৰপ্ৰতীম, সুৰকাৰ দীপক শৰ্মাৰ অৰিহণাও কম নহয় ৷ ইফালে,প্ৰবীণ শিল্পী, সুৰকাৰ,লেখক গোলাপ বৰাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে বুধবাৰে “সুন্দৰম”ৰ তৰফৰ পৰা ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ, “কলং-কলা কেন্দ্ৰ”ৰ তৰফৰ পৰা কাঠৰ ভাস্কৰ্য শিল্পৰ উপৰি বহু শুভাকাংক্ষীয়ে বিভিন্ন উপহাৰ প্ৰদানেৰে জন্মদিনৰ ওলগ জনায়। এই সম্পৰ্কত শিল্পীগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে আজি এনে এক সুন্দৰ অনুষ্ঠানত মই নভবাকৈয়ে মোৰ জন্মদিনটো পালন কৰাত অত্যন্ত আনন্দিত হৈছোঁ । তেওঁ গীতিকাৰ গুণ শইকীয়াৰ গীত সম্পৰ্কত কয় যে তেওঁৰ গীতৰ ভাষা উচ্চ মানদণ্ডৰ। মোক তেওঁৰ এটি গীতত সুৰ দান কৰিবলৈ দায়িত্ব দিয়াত ধন্য হলোঁ। অনুষ্ঠানত প্ৰখ্যাত চিত্ৰশিল্পী গকুল ছেত্ৰী,কণ্ঠশিল্পী ক্ৰমে দীপক শৰ্মা, ৰঞ্জন বেজবৰুৱা,সন্তোষ কলিতা, গীতিকাৰ শৰৎ বৰকাকতি, সমাজকৰ্মী হেমপ্ৰসাদ বৰাইও ভাষণ প্ৰদান কৰে । উল্লেখ্য যে কালিৰ অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষ সত্য প্ৰসাদ শৰ্মা,অৱসৰপ্রাপ্ত বিষয় শিক্ষক পুতুল শৰ্মা,ভাস্কৰ্য শিল্পী চিত্তৰঞ্জন বৰা,অশ্বিনী শৰ্মা,নাট্যশিল্পী কমলেশ শইকীয়া, লেখক অনিল শৰ্মা,প্ৰদীপ কুমাৰ বৰা,শিল্পী প্ৰদীপ বৰাকে প্ৰমুখ্যে কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version