Site icon Guwahati Times

হেকানি জাখালাউ নাগালেণ্ডৰ প্ৰথম মহিলা বিধায়ক

ত্তৰ–পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত আৰু মেঘালয়–নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিলব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তিনিওখন ৰাজ্যৰ জনতাই ফলাফললৈ অপেক্ষা কৰিছিল, কিন্তু দৃষ্টি নিবদ্ধ আছিল নাগালেণ্ডত। ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। ৬০ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈ ৰাজ্যখনত কোনো মহিলা বিধায়ক হিচাপে নিৰ্বাচনত হোৱা নাছিল। কিন্তু সেই পৰম্পৰা ভংগ হ’ল।

Nationalist Democratic Progressive Party (NDPP)ৰ হেকানী জাখালুৱে ডিমাপুৰ–৩ সমষ্টিৰ পৰা জয়লাভ কৰি নাগালেণ্ডৰ ইতিহাসৰ প্ৰথম মহিলা বিধায়ক হিচাপে পৰিগণিত হয়। হাকানীয়ে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ এজেটো ঝিমোমিক ১৫৩৬টা ভোটত পৰাস্ত কৰে। ৪৭ বছৰীয়া হেকানীয়ে লাভ কৰে ১৪,৩৯৫টা ভোট। উল্লেখযোগ্য যে মাত্ৰ ৭ মাহ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিছিল হেকানী জাখালুINFO

Exit mobile version