Site icon Guwahati Times

কাণত তেল দিয়াটো উচিত নে অনুচিত ? জানক বিশেষজ্ঞৰ পৰা

কাণৰ বিষ বা যিকোনো ধৰণৰ সমস্যা হ’লে আমাৰ বয়োজ্যেষ্ঠসকলে কাণত তেল লগাবলৈ পৰামৰ্শ দিয়ে। কিন্তু কাণত তেল দিয়াটো উচিত নে অনুচিত? বিশেষকৈ কাণত লেতেৰা থাকিলে কাণত তেল দিব পাৰিনে? কি কয় বিশেষজ্ঞসকলে? জানো আহক

১. বিশেষজ্ঞসকলে কি কয় ?

ই এন টি বিশেষজ্ঞ ডাঃ অংকুৰ গুপ্তাই কয় যে কাণত তেল দিব নালাগে। আচলতে তেলত বহু ধৰণৰ বেক্টেৰিয়া থাকে, যাৰ ফলত কাণৰ সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কাণত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগতে কাণত ধূলি আৰু মলি জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ বাহিৰেও কাণত তেল লগালে বহু ক্ষতি হ’ব পাৰে। ইয়াৰ বিষয়ে জানো আহক –
>২. কাণত তেল দিয়াৰ অসুবিধাসমূহ –
>> কাণত তেল লগালে কাণৰ বিষ হ’ব পাৰে। একাংশ লোকৰ ক্ষেত্ৰত এই অৱস্থাই কাণৰ ক্ষতি কৰিব পাৰে, সেয়েহে কাণত তেল দিয়াৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ হ’ব লাগে।

>> ডাক্তৰে কয় যে কাণত তেল লগালে অটোমাইক’ছিছ ৰোগ হোৱাৰ আশংকা থাকে, যাৰ ফলত আপুনি স্থায়ীভাৱে শ্ৰৱণ ক্ষমতাত হেৰুৱাবলগীা হ’ব পাৰে।

> বহু সময়ত কাণত অত্যধিক তেল দিয়াৰ বাবে ধূলি-মাটি জমা হ’বলৈ ধৰে। ইয়াৰ ফলত কাণত জমা হৈ থকা লেতেৰাবোৰ আঁতৰোৱাত অতি কঠিন হৈ পৰে। গতিকে কাণত তেল দিব নালাগে।

 
ইয়াৰ বাহিৰেও মনত ৰাখিব সৰু ল’ৰা-ছোৱালীৰ কাণত কেতিয়াও তেল নিদিব। বিশেষকৈ বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে ভুল নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ কাণৰ পৰ্দাৰ ক্ষতি হ’ব পাৰে। কাণত তেল লগালে আৰ্দ্ৰতা বহু পৰিমাণে বৃদ্ধি পায়, যাৰ ফলত পূজ ওলোৱাৰ আশংকা থাকে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Exit mobile version