Site icon Guwahati Times

মহিলাৰ টি-20 বিশ্বকাপ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰিছে। দলটোৱে কেপটাউনৰ নিউলেণ্ডছত কালি অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৯ ৰানত পৰাস্ত কৰে। আফ্ৰিকাই ১৫৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। আফ্ৰিকাৰ হৈ ল’ৰা ৱোল্‌ৱাৰ্ডটে সৰ্বাধিক ৬১ ৰান কৰে। ইয়াৰ পূৰ্বে অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৬ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেথ মুনিকে ৭৪ ৰান কৰি আউট নোহোৱাকৈ থাকে।

Exit mobile version