Site icon Guwahati Times

দৈনিক ৰাশিফল : অবিবাহিত লোকসকলৰ বাবে আশাৰ খবৰ!

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : নানা ধৰণৰ সুযোগ আহিব পাৰে। সেইবোৰ সদ্ব্যৱহাৰ কৰা প্ৰয়োজন। নিজৰ প্ৰবৃত্তিৰ কথা শুনিব পাৰে।

বৃষ : কোনো অশান্তিত বিব্ৰত হ’ব পাৰে। ধৈৰ্য ধৰি ঘৰৰ পৰিৱেশ শান্ত কৰাৰ চেষ্টা কৰিব লাগিব।

মিথুন : উদ্বেগ বাঢ়িব পাৰে। জয় বা পৰাজয় যিয়ে নহওক কিয় শেষপৰ্যন্ত চাব লাগিব। মূল সমস্যা বিচাৰি উলিয়াব পাৰিলেই সমাধান সম্ভৱ।

কৰ্কট : অভিযোগ কৰাৰ অভ্যাস ত্যাগ কৰি নিজৰ কাম শেষ কৰক। অতিৰিক্ত ম’বাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব।

সিংহ : পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। কামৰ চাপ বাঢ়িব পাৰে। কিছু অতিৰিক্ত দায়িত্ব পালন কৰিব লাগিব পাৰে।

কন্যা : ওচৰ–পাজৰৰ মানুহৰ পৰা যথেষ্ট সমৰ্থন আৰু স্বীকৃতি পোৱা যাব পাৰে। প্ৰাণশক্তি আৰু আশাবাদেৰে পৰিপূৰ্ণ এটা দিন।

তুলা : মন শান্ত থাকিব। ঘনিষ্ঠ মানুহক আৰু এটি সুযোগ দিব পাৰে। অবিবাহিতসকলে কোনো সম্পৰ্ক গঢ়িব পাৰে।

বৃশ্চিক : আবেগপ্ৰৱণতা বৃদ্ধি পাব পাৰেষ। মন স্থিৰ কৰিব লাগিব। কোনো কামত খৰখেদা নকৰিব।

ধনু : আনক প্ৰভাৱিত কৰাৰ তাগিদা থাকিব। দৃঢ় পদক্ষেপৰ বাবে সিদ্ধান্ত লোৱা সম্ভৱ হ’ব।

মকৰ : নিজৰ কৰ্তৃত্ব প্ৰদৰ্শন কৰাৰ বাসনা প্ৰবল হ’ব পাৰে। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আনৰ সহযোগিতা প্ৰয়োজন হ’ব পাৰে।

কুম্ভ : নিজৰ সৈতে কিছু সময় কটোৱাৰ প্ৰয়োজন হ’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে।

মীন : ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিলে লাভৱান হ’ব পাৰে। কোনো ধৰণৰ বিতৰ্কত জড়িত হৈ নপৰিব।

Exit mobile version