Site icon Guwahati Times

মৰ্মান্তিক! দুদিন ধৰি মাতৃৰ মৃতদেহৰ কাষতে শুই থাকিল এটি অবুজ ১১ বছৰীয়া শিশু…

এক মৰ্মান্তিক ঘটনা। মাতৃৰ মৃত্যুৰ কথা গম নোপোৱাকৈয়ে দুদিন ধৰি মাতৃৰ মৃতদেহৰ কাষতে শুই থকা অৱস্থাত উদ্ধাৰ হৈছে এটি ১১ বছৰীয়া শিশুক।

৪০ বছৰীয়া মৃত মাতৃগৰাকীৰ নাম আন্নাম্মা। ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল আৰু তেওঁৰ মুকবধিৰ আছিল। য়েল্লাম্মা মন্দিৰৰ সমীপৰ গংগানগৰত থকা তেওঁলোকৰ ভাড়াঘৰত টোপনিতে মৃত্যু হয় মহিলাগৰাকীৰ। স্বাস্থ্যজনিত জটিলতাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰ টি নগৰ আৰক্ষীয়ে।

কেইবছৰমান আগতে স্বামীৰ মৃত্যুৰ পিছত আন্নামা আৰু তেওঁৰ পুত্ৰই অকলে বাস কৰিছিল। কিন্তু মৃত্যুৰ শেষৰ দুদিনত আন্নামা অসুস্থ হৈ কামলৈ যোৱা নাছিল। অবুজ তেওঁৰ ল’ৰাটোৱেও জিৰণি লৈ আছে বুলি ভাবি মাতৃৰ মৃত্যুৰ কথা গমে নাপালে।

কিন্তু অৱশেষত যেতিয়া চুবুৰীয়াই ঘৰৰ পৰা এটা দুৰ্গন্ধ ওলোৱা লক্ষ্য কৰে তেতিয়াই এই ঘটনা পোহৰলৈ আহে। অৱশ্যে সেই সময়ত ল’ৰাটো স্কুললৈ গৈছিল। আৰক্ষীয়ে ঘৰৰ তলা খুলিলেই আন্নম্মাৰ মৃতদেহ উদ্ধাৰ কৰে।

আন্নাম্মাৰ আত্মীয়ক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে ল’ৰাজনক পৰিয়ালৰ লোকক গতাই দিয়ে। সম্প্ৰতি ল’ৰাটো মোমায়েকৰ লগত আছে।

Exit mobile version