Site icon Guwahati Times

স্বাস্থ্য আৰু চিকিৎসা গৱেষণা শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত সোমবাৰে প্ৰধানমন্ত্ৰীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দিনৰ ১০ বজাত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে স্বাস্থ্য আৰু চিকিৎসা গৱেষণা শীৰ্ষক বাজেটোত্তৰ এখন ৱেবিনাৰ সম্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ বাজেটৰ প্ৰভাৱশালী ৰূপায়ণৰ অৰ্থে পৰামৰ্শ আৰু নীতি গ্ৰহণৰ বাবে ১২ খনীয়া বেৱিনাৰৰ আঁচনি গ্ৰহণ কৰিছিল আৰু এইখন ইয়াৰে অংশ। ২০২৩-২৪ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে ৭ টা খণ্ডক প্ৰাথমিকতা দিছে আৰু ই এটা আনটোৰ পৰিপূৰক হ’ব। এই খণ্ডসমূহক অমৃতকালৰ সপ্তঋষি অৰ্থাৎ‍ পথ প্ৰদৰ্শক বুলি কোৱা হৈছে। চৰকাৰৰ প্ৰাথমিক খণ্ডসমূহক সামগ্রিক বিকাশ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ১৫৭ খন নাৰ্চিং মহাবিদ্যালয় স্থাপন, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসা গবেষণাক উৎসাহিত কৰা, চিকিৎসা আৰু চিকিৎসা সঁজুলিৰ বাবে বহুমুখী পাঠ্যক্রম অন্তর্ভুক্ত কৰা হৈছে। এই ৱেৱিনাৰত স্বাস্থ্য আৰু ঔষধ নিৰ্মাণ দুয়োটা খণ্ডক সামৰি তিনিখন সত্ৰ অনুষ্ঠিত হ’ব। বেৱিনাৰত কেন্দ্ৰীয় মন্ত্ৰী আৰু সচিবসকলৰ উপৰিও ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগৰ বিষয়া আৰু ইয়াৰ লগত জড়িত বিশেষজ্ঞ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

Exit mobile version