Site icon Guwahati Times

এল টি স্মার্ট পোষ্ট পেইড সংযোগক স্মার্ট প্ৰীপেইড সংযোগলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে শক্তি মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি আৰু অসম বিদ্যুৎ নিয়ামক আয়োগৰ পৰা লাভ কৰা অনুমোদন মৰ্মে সকলো এল টি স্মার্ট পোষ্ট পেইড সংযোগক যোৱা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্রমে স্মার্ট প্ৰীপেইড সংযোগলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি জনসাধাৰণক স্মার্ট প্রীপেইড মিটাৰ সংযোগ কৰি ইয়াৰ সুবিধাসমূহ লাভ কৰিবলৈ চৰকাৰে আহ্বান জনাইছে। স্মার্ট প্রীপেইড মিটাৰৰ জৰিয়তে মানৱীয় হস্তক্ষেপ নোহোৱাকৈ স্বয়ংক্রিয়ভাৱে বিল পৰিশোধ কৰিব পৰা যাব। তদুপৰি মোবাইল এপৰ জৰিয়তে বিদ্যুতৰ ব্যৱহাৰ, শক্তিৰ মান, অগ্রিম ৰিচাৰ্জ নিৰীক্ষণ আদিকে ধৰি বিভিন্ন সুবিধা লাভ কৰিব পাৰিব।

Exit mobile version