Site icon Guwahati Times

যদি আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীণ লেতেৰা হৈছে তেন্তে ইয়াক এনেদৰে পৰিষ্কাৰ কৰক, ফোনটো আকৌ হৈ পৰিব একেবাৰে নতুন

স্মাৰ্টফোনে আজিকালি মানুহৰ ব্যক্তিত্ব উত্থাপন কৰে। সন্মুখত ৰৈ থকা ব্যক্তিজনৰ অৱস্থা কেনেকুৱা সেয়া তেওঁৰ ফোন চায়ে ধৰিব পাৰিব। মানুহে বহু ভাবিগুণী এটা ভাল মোবাইল ফোন লয়। মোবাইল কিনাৰ পিছতো ইয়াৰ বাবে অহৰহ যত্নৰ প্ৰয়োজন। যদি আপুনি স্মাৰ্টফোনটোৰ যত্ন লোৱা নাই, তেন্তে হয় ই সোনকালে ক্ষতিগ্ৰস্ত হব, নহয় সময়ৰ আগতেই ইয়াক বহুত পুৰণি দেখাবলৈ আৰম্ভ কৰে।

বহুতে মাহৰ পিছত মাহ ধৰি নিজৰ স্মাৰ্টফোনটো চাফা নকৰে যাৰ বাবে স্ক্ৰীণত ধূলি জমা হৈ থাকে আৰু তাৰ পিছত ইয়াক পুৰণি দেখিবলৈ আৰম্ভ কৰে। আজি এই লেখাটোৰ জৰিয়তে আমি আপোনালোকক কিছু টিপছ দিম, যাৰ সহায়ত আপুনি মোবাইল ফোনটোৰ স্ক্ৰীণ পৰিষ্কাৰ কৰিব পাৰিব।

১. স্ক্ৰীণ ৱাইপ আৰু লিকুইড স্প্ৰে:

মোবাইলৰ স্ক্ৰীণ পৰিষ্কাৰ কৰিবলৈ লিকুইড স্প্ৰে’ বজাৰত সহজে ৪০ৰ পৰা ৫০ টকাৰ ভিতৰত উপলব্ধ। এই লিকুইড আৰু স্ক্ৰীণ ৱাইপৰ সহায়ত আপুনি আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীণক একেবাৰে নতুন দেখাব পাৰে আৰু স্ক্ৰীণৰ পৰা আঁচোৰ আৰু দাগ আঁতৰাব পাৰে।

২.টুথপেষ্টৰ দ্বাৰা দাগ আঁতৰোৱা:

আপুনি হয়তো আচৰিত হৈছে, কিন্তু এই পদ্ধতিটোও মোবাইলৰ পৰ্দা উজ্জ্বল কৰাৰ এক সুপৰিচিত উপায়। স্ক্ৰীণৰ পৰা দাগ আৰু আঁচোৰ আঁতৰাবলৈ কপাহী কাপোৰত অকণমান টুথপেষ্ট লৈ পৰ্দা পৰিষ্কাৰ হোৱালৈকে ঘঁহিব লাগে। ইয়াৰ পিছত স্ক্ৰীণ ৱাইপৰ সহায়ত মোবাইল পৰিষ্কাৰ কৰক। মন কৰিব, ইয়াৰ বাবে জেল টুথপেষ্ট ব্যৱহাৰ নকৰিব।

৩.গাড়ীৰ পলিচ:

বাইক বা গাড়ী পলিচ কৰিবলৈ যি পলিচ ব্যৱহাৰ কৰা হয়, সেই পলিচেৰেও আপুনি মোবাইলৰ স্ক্ৰীণখন পলিচ কৰিব পাৰে। ইয়াৰ বাবে কাপোৰখনত অলপ পলিচ (১ৰ পৰা ২ টোপাল) লগাব লাগিব আৰু তাৰ পিছত স্ক্ৰীণখন পৰিষ্কাৰ কৰিব লাগিব। ইয়াৰ ফলত মোবাইলৰ স্ক্ৰীণ পৰিষ্কাৰ হ’ব আৰু আঁচোৰবোৰো আঁতৰি যাব।

যদি মোবাইলৰ পিছফালে ফাটি যায় তেন্তে এইবোৰ কাম কৰক:

যদি আপোনাৰ স্মাৰ্টফোনৰ পিছফালখন আঁচোৰ বা ফাট মেলিছে, তেন্তে আপুনি ইয়াক লুকুৱাবলৈ ৱালপেপাৰ ব্যৱহাৰ কৰিব পাৰে। হয়, আজিকালি স্মাৰ্টফোনৰ বাবে ৱালপেপাৰ বজাৰত উপলব্ধ, যাৰ সহায়ত আপুনি মোবাইলৰ ফাট আদি লুকুৱাই স্মাৰ্টফোনটোক নতুন ৰূপ দিব পাৰে। ইচ্ছা কৰিলে মোবাইল ৱালপেপাৰটোও কাষ্টমাইজ কৰিব পাৰিব।

Exit mobile version