Site icon Guwahati Times

পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ পালন কৰা হৈছে। আজি প্ৰথম দিনা গোন্ধ যাত্ৰা পালন কৰা হ’ব। সন্ধিয়ালৈ সত্ৰৰ টুপৰ চোতালত গোঁসাইক মেজি পুওৱাৰ পাছতে দৌল মহোৎসৱ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে আৰম্ভ হ’ব। মেজিৰ চৌপাশে ৭ পাক ঘূৰোৱাৰ পাছত গোঁসাইক সত্ৰৰ মূল গৃহৰ বাহিৰত থকা যোগমোহন গৃহত সংস্থাপন কৰা হ’ব। কাইলৈ আৰু পৰহিলৈ ভৰদৌল আৰু অহা ৯ মাৰ্চত সুৱেৰি তথা ফাকুৱা পালন কৰা হ’ব। দৌল মহোৎসৱ উপলক্ষে জিলাখনত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। উৎসৱ উপলক্ষে বৰপেটা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
Exit mobile version