Site icon Guwahati Times

২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত পেৰেড চাবলৈ যাব নেকি? এনেকৈ কৰক টিকট বুকিং-

বৃহস্পতিবাৰে দেশত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। এই দিনটোত ৰাজধানী দিল্লীৰ কৰ্তব্য পথত পেৰেড অনুষ্ঠিত হ’ব। সেইদিনা পেৰেড আৰু বিটিং দ্য ৰিট্ৰিট অনুষ্ঠান অনুষ্ঠিত হ’ব। এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেব পৰ্টেল www.aamantran.mod.gov.in ত গৈ অনলাইনযোগে গণৰাজ্য দিৱসৰ পেৰেডৰ টিকট ক্ৰয় কৰিব পাৰিব। টিকটৰ মূল্য ২০, ১০০ আৰু ৫০০ টকা পৰ্যন্ত। কেনেধৰণৰ টিকট ল’ব বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব মূল্য।

টিকট কেনেকৈ কিনিব?

টিকট কিনিবলৈ পৰ্টেলত একাউণ্ট বনাব লাগিব। ইয়াৰ বাবে আপুনি নিজৰ নাম, ঠিকনা, জন্ম তাৰিখ আৰু মোবাইল নম্বৰ তাত ভৰাব লাগিব। পঞ্জীয়ন কৰাৰ পিছত মোবাইল নম্বৰেৰে লগইন কৰিব লাগিব। ইয়াৰ পিছত আপোনালৈ এটা অ’টিপি প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছত আপুনি যোগদান কৰিব বিচৰা প্ৰগ্ৰেমটো পূৰণ কৰিব লাগিব।

এই তথ্যৰ পিছত আপোনাৰ বৈধ ফটো আইডি আপলোড কৰিব লাগিব। ইয়াত আধাৰ কাৰ্ড, ভোটাৰ আইডি আৰু ড্ৰাইভিং লাইচেন্সৰ বিকল্প আছে। টিকটৰ ধন দিব লাগিব তাৰ পিছত আপোনাৰ টিকট বুকিং কৰা সম্পূৰ্ণ হ’ব।

উল্লেখ্য যে এই বুকিং কৰা টিকট আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিত লাভ কৰিব। ইয়াৰ পৰাও টিকট ডাউনলোড কৰিব পাৰিব। এটা পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা সৰ্বমুঠ ১০ টা টিকট বুকিং কৰিব পাৰিব। এইবাৰ চৰকাৰে সাধাৰণ ৰাইজৰ বাবে ৩২ হাজাৰ টিকট বিক্ৰী কৰিছে। সেনা ভৱন, শাস্ত্ৰী ভৱন, যন্তৰ মন্তৰ আৰু প্ৰগতি ময়দানৰ পৰাও অফলাইন টিকট ক্ৰয় কৰিব পাৰিব।

Exit mobile version