Site icon Guwahati Times

সৰুৰে পৰা বহুত কষ্টৰ মাজতে মা- দেউতাই ডাঙৰ কৰিছে… কৰিশ্মাৰ আবেগিক পোষ্ট

সমালোচনা–প্ৰশংসাৰ মাজতে কৰিশ্মাই পৰিৱেশন কৰি গৈছে নাগাৰা নাম। ইতিমধ্যে কৰিশ্মাই বিভিন্ন সংবাদ মাধ্যমত নিজৰ মত প্ৰকাশ কৰিছে। সমালোচনাৰো প্ৰত্যুত্তৰ দিছে উদীয়মান নাগাৰা নামৰ শিল্পীগৰাকীয়ে। সমালোচনাবোৰ একাষৰীয়া কৰি ভাল উপদেশবোৰ লগত লৈ আগবাঢ়ি যাব বুলি প্ৰকাশ কৰিছে কৰিশ্মাই।

শেহতীয়াকৈ কৰিশ্মাই ছচিয়েল মিডিয়াযোগে এটা পোষ্ট কৰিছে। ৰাইজলৈ হোলীৰ শুভেচ্ছা জনাই লিখা পোষ্টটোত কৰিশ্মাই লিখিছে – ‘‘আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যেতিয়ালৈ আমাৰ লগত থাকে, সদাই ৰাইজৰ মাজত নাম পৰিৱেশন কৰিম। যেতিয়ালৈ ৰাইজে নকয় যে তুমি নাম গাব নোৱাৰা তেতিয়ালৈ সদাই আপোনালোকৰ মাজত থাকিম। ৰাইজে ৰজা ৰাইজে প্ৰজা। আপোনালোকে যিমান মৰম আৰু আশীৰ্বাদ দিছে বহুত বেছি সাহস পাইছে। চিন্তা নকৰিব আপোনালোকে, মই সদায় মৰমবোৰ লৈ আগুৱাই যাম।’’

কৰিশ্মাই লগতে লিখিছে, ‘‘মোক ভালপোৱা মানুহবোৰে মাত্ৰ সদায় মোক সাহস দিয়ক সদায় ভাল কাম কৰি যাম। অসমবাসী ৰাইজ মোৰ লগত থাকিলে দুজন মানুহে মোক কোনোদিনে পিছুৱাই নিৱ নোৱাৰে বৰঞ্চ উৎসাহ পাইছো। সৰুৰে পৰা বহুত কষ্টৰ মাজতে মা–দেউতাই ডাঙৰ কৰিছে। এতিয়া নিজে‌ কষ্ট কৰি মা দেউতাক চাব লাগিব, গতিকে কাৰোবাক বেয়াকৈ ক’বলৈ সহজ কিন্তু তাৰ ভিতৰত কিমান দুখ কষ্ট পাইছো‌ কিছুমানে এবাৰো ভাবি নাচায়। মনৰ কথা ব্যক্ত কৰিছো।’’

Exit mobile version