Site icon Guwahati Times

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত

প্রধানমন্ত্রী শ্রী মোদীয়ে মেঘালয় আৰু নাগালেণ্ডৰ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠানত অংশ গ্রহণ কৰি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে এটা শিল্পী দলে বাৰেৰহণীয়া নৃত্যৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণী জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে তেওঁ কইনাধৰাৰ ৰাজ্যিক অতিথি শালালৈ ৰাওনা হয়। ইতিমধ্যে তেওঁ কইনাধৰাত অসম চৰকাৰৰ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। নিশাটো গুৱাহাটীতে কটাই কাইলৈ পুৱা কামাখ্যা দৰ্শন কৰি প্ৰধানমন্ত্ৰীগৰাকী ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে কাইলৈ আগৰতলাত হ’বলগীয়া নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব।

Exit mobile version