Site icon Guwahati Times

কাৰ সৈতে হোলী উদযাপন কৰিলে ছানী লিয়নীয়ে, চাওক সৱিশেষ…

বলীউডৰ তাৰকাসকলে আজি আড়ম্বৰ পূৰ্ণ ভাৱে হোলী উদযাপন কৰা দেখা গৈছে। ইফালে অভিনেত্ৰী ছানী লিয়নেও ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে হোলী উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে।

বলীউডৰ অভিনেত্ৰী ছানী লিয়নীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ছবিবোৰত ছানীয়ে পৰিয়ালৰ সৈতে হোলী পাৰ্টি কৰা দেখা গৈছে। সকলোৰে মুখত আবিৰৰ লেপন দিয়া হৈছে।

ছানী, স্বামী আৰু সন্তান সকলোৱে হোলী পাৰ্টিৰ বাবে বগা সাজ-পোছাক পিন্ধিছে। ছবিকেইখনত অভিনেত্ৰীগৰাকীৰ ল’ৰা-ছোৱালীক অতি মৰমলগা দেখা গৈছে। হোলী পাৰ্টিৰ সময়ত স্বামী ডেনিয়েলৰ কোলাত প’জ দিয়াও দেখা গৈছিল ছানীক।

 

এই ফটোখনত ছানীক মুখত আবিৰ লৈ বৰ মৰমলগা দেখা গৈছে।

Exit mobile version