Site icon Guwahati Times

নিডচৰ উদ্যোগত কাকজানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বে-চৰকাৰী অনুষ্ঠান নিডচৰ উদ্যোগত আৰু সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ,অসম গ্ৰামীণ জীৱিকা অভিযান মধ্য যোৰহাট উন্নয়ন খণ্ড,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাকজান খণ্ডৰ উদ্যোগত আজি কাকজান খেল পথাৰত মুকলি আকাশৰ তলত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । সমতা আৰু সমানতাক অন্তৰকনেৰে উপলব্ধি কৰা ২০২৩ বৰ্ষৰ নাৰী দিৱসৰ লক্ষ্যৰ ওপৰত বিভিন্ন জনে বক্তব্য প্ৰদান কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জলি শইকীয়াই আৰু অনুষ্ঠানৰ আতধৰে জিনা বৰুৱা বৰাই। অনুষ্ঠানৰ আৰম্ভনিতে কাকজান স্বাস্থ্য খণ্ডৰ আশাকৰ্মী সকলে এটি কোৰাচ পৰিৱেশন কৰে । অনুষ্ঠানত মহিলা সকলে বিয়ানাম,আধুনিক গীত , কবিতা পাঠকৰাৰ লগতে অনুভৱ প্ৰকাশ কৰে । অনুষ্ঠানতে সৰ্বন্মতি ক্ৰমে প্ৰতিখন আৰক্ষী থানা বা আৰক্ষী চকীত লিংগভিত্তিক সজাগতা সৃষ্টি কৰা,সকলো ক্ষেত্ৰতে অ-সমানতা দূৰ কৰি ন্যায়িক সমানতা প্ৰতিষ্ঠা কৰিবলৈ সু পৰিকল্পিত সংৰক্ষণৰ ব্যৱস্থা কৰা আদি বহুকেইটা দাবী তুলি ইয়াৰ কাৰ্যকৰনৰ বাবে সংলিষ্ট কৰ্তৃপক্ষইলৈ প্ৰেৰন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।উল্লেখযোগ্য যে অনুষ্ঠানৰ মাজতে মহিলাসকলে ৰং ধেমালিৰে ৰঙৰ উৎসৱ হলি উদযাপন কৰে আৰু এই হলীয়ে সকলোৰে মাজত সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।
YouTube video player
 

Exit mobile version