Site icon Guwahati Times

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত? জানি লওক…

স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ, সঠিক সময়ত সঠিক খাদ্য খোৱা প্ৰয়োজন। ওজন হ্ৰাস শেহতীয়াকৈ নতুন প্ৰৱণতাৰ এটা অংশ হৈ পৰিছে। সেইদৰে আজিকালি বৈবাহিক জীৱন সুখকৰ কৰি তুলিবলৈও বহুতে এটা নিৰ্দিষ্ট ডায়েট প্লেন ফলো কৰি আহিছে।

যদি আপুনি ডায়েট চাৰ্টখন ভালদৰে মেইনটেইন কৰিব পাৰে তেন্তে আপুনি বিবাহৰ পিছত শাৰীৰিক সুখ অনুভৱ কৰিব পাৰিব। কিছুমান খাদ্যবস্তুৱে পুৰুষ মহিলা উভয়ৰে যৌন শক্তি বৃদ্ধি কৰে।
এইসমূহ খাদ্যবস্তু প্ৰায় নিয়মিত ভাবে গ্ৰহণ কৰকঃ

আপেলঃ প্ৰতিদিনে পুৰুষসকলে এটাকৈ আপেল খোৱা উচিত। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ আপেল। ই যৌন ক্ষমতা বৃদ্ধি কৰে।

গাখীৰঃ গাখীৰে উন্নতি ঘটাই নাৰী-পুৰুষৰ যৌন জীৱনৰ।

কলঃ কল হ’ল পুষ্টিৰ ভাণ্ডাৰ। ই যৌন ইচ্ছা তীব্ৰতৰ কৰি তোলে। প্ৰচূৰ পৰিমাণে পটাছিয়াম থাকে। যি যৌন সম্পৰ্কত শক্তি যোগায়।

নহৰুঃ নাৰী-পুৰুষ উভয়েই নহৰু খোৱাটো জৰুৰী। নহৰুৱে যৌন উদ্দীপনা বৃদ্ধি কৰে।

মৌজুলঃ নাৰী-পুৰুষ উভয়েই যৌন শক্তি বৃদ্ধি কৰিবলৈ প্ৰতি সপ্তাহত কমেও ৩ৰ পৰা ৪ দিন ১ গ্লাচ গৰম পানীত ১ চামুচ মৌজুল মিহলী কৰি খোৱা উচিত।

কফিঃ কফিয়ে যৌন ইচ্ছাৰ মুড তৰান্বিত কৰে।

বিটঃ যৌনাংগৰ বিকাশৰ বাবে বিট উত্তম খাদ্য। চালাডৰ সৈতে নিয়মীত বিট খালে প্চূৰ পৰিমাণে নাইট্ৰেট শৰীৰত প্ৰৱেশ কৰে।

বাদামঃ বাদামত জিংক থাকে। ই শুক্ৰানুৰ পৰিমাণে তুলনামূলক ভাবে বৃদ্ধি কৰে।

চেৰিঃ ডায়েটত ৰাখক চেৰি। চেৰিত প্ৰচূৰ পৰিমাণে আন্থোসায়ানিক থাকে। যি ধমনীত ৰক্ত চলাচল স্বাভাৱিক কৰে। প্ৰতিদিন চেৰি খালে পুৰুষৰ যৌনাংগ উন্নত হয়।

মুৰ্গীৰ মাংসঃ মুৰ্গীৰ মাংসত প্ৰচূৰ পৰিমাণে প্ৰটিন থাকে।

Exit mobile version