Site icon Guwahati Times

স্বাস্থ্য : পকা চুলি ক’লা কৰিবলৈ আলুৰ বাকলিৰ ব্যৱহাৰ

স্বাস্থ্য প্ৰতিবেদন: বংশগত কাৰণত বা পুষ্টিৰ অভাৱত বহুতৰেই চুলি বয়সতকৈ আগতে পকে। বিশেষকৈ ভিটামিন-এ, ভিটামিন-বি, কপাৰ, মিনাৰেল, জিঙ্ক আৰু আয়ৰনৰ অভাৱত এই সমস্যা দেখা দিয়ে। বহুতেই পকা চুলি ক’লা কৰিবলৈ বিভিন্ন ৰাসায়নিক ব্যৱহাৰ কৰে। যিটো চুলিৰ বাবে মুঠেই উপকাৰী নহয়।

বিশেষজ্ঞসকলৰ মতে, ৰাসায়নিক হেয়াৰডাই ব্যৱহাৰ নকৰি প্রাকৃতিক উপায়েৰেও এই সমস্যাৰ সমাধান কৰা সম্ভৱ। এই কামটো কৰাৰ বাবে এটি উপাদান হৈছে আলুৰ বাকলি। আহক জানি লওঁ এই প্রাকৃতিক ‘ডাই’ তৈয়াৰ আৰু ব্যৱহাৰৰ পদ্ধতি-

কি কি লাগিব

পাঁচটা ডাঙৰ আলুৰ বাকলি, চছপেন, চেকনি, পুৰণি চেম্পুৰ বটল, চুলি ডাই কৰা ব্রাছ, ময়েশ্চাৰাইজিং ছেম্পু, কন্ডিচনাৰ আৰু টাৱেল।

তৈয়াৰ আৰু ব্যৱহাৰৰ পদ্ধতি

চচপেনৰ ভিতৰত এক কাপ আলুৰ বাকলি লওক। ইয়াত দুই কাপ পানী দি ঢাকনি মাৰি উতলাওক। এনেদৰে ২০-৩০ মিনিট মান সিজাওক। এইবাৰ নমাই ঠাণ্ডা হ’ব দিয়ক। ঠাণ্ডা হ’লে পানীখিনি চেকনিৰে চেকি পৃথক কৰক আৰু আলুৰ বাকলিখিনি পেলাই দিয়ক। পানীখিনি ঠাণ্ডা হ’লে এটা পুৰণি, পৰিষ্কাৰ ছেম্পুৰ বটলত ভৰাওক।

ইয়াৰ পিছত ময়েশ্চাৰাইজিং ছেম্পুৰে চুলি ধুই কন্ডিচনিং কৰি লওক। তাৰ পিছত কন্ডিচনাৰ ধুই পেলাওক। এইবাৰ চুলিখিনি পূৰ্বে প্ৰস্তুত কৰা আলুৰ বাকলিৰ পানীৰে ধুই দিয়ক। চুলিখিনি টাৱেলেৰে মেৰিয়াই কিছু সময় ৰাখক। ইয়াৰ পিছত চুলিখিনি শুকাই লওক। মনত ৰাখিব ধুই নিদিব

এনেদৰে আলুৰ বাকলিৰ ডাইৰে প্রতিদিনে চুলি ধোৱাৰ চেষ্টা কৰক। প্রতিদিনে চুলিত কন্ডিচনাৰো ব্যৱহাৰ কৰিব। কাৰণ পকা চুলি অতি ঢিলা হৈ থাকে। প্ৰতিদিনে নোৱাৰিলে সপ্তাহত অন্তত ২-৩ দিন এই ডাইৰে চুলি ধুব।

যদি আলুৰ গোন্ধ বেছি বেয়া লাগে তেন্তে এক ফোটা সুগন্ধি এছেনচিয়েল অইল দি ল’ব পাৰে ইয়াৰ লগত। ৰাসায়নিক ডাইৰ দৰে এদিনতে পকা চুলি দূৰ নহ’লেও কিন্তু কেইসপ্তাহমান বা মাহত নিয়মিত ব্যৱহাৰত পকা চুলি আৰু দেখা নাযাব।

Exit mobile version