Site icon Guwahati Times

কলেষ্টেৰল বৃদ্ধিৰ বাবেই হাৰ্ট এটাক, ষ্ট্ৰোকৰ আশংকা বৃদ্ধি ! সাৱধান হ’ব এই ৫ টা খাদ্যই কলেষ্টেৰল হ্ৰাস কৰে

কলেষ্টেৰল হৈছে কোষ আৱৰণত পোৱা এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড আৰু যাক তেজলৈ পৰিবহন কৰা হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয় ই হৃদৰোগ আৰু ৰক্ত সঞ্চালন ৰোগৰ আশংকা বৃদ্ধি কৰে! হৃদ আক্ৰমণ, ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে সাৱধান হওক ! কলেষ্টেৰল হ্ৰাস কৰিবলৈ এই ৫ টা খাদ্য নিয়মীয়াকৈ খাব-

ওটচ: আপুনি ৰাতিপুৱাৰ আহাৰত ওটচ বা কৰ্ণফ্লেক্স খাব পাৰে। ইয়াত, দিনটোৰ আৰম্ভণিতে ১-২ গ্ৰাম আঁহ খোৱা হ’ব, যি অন্ত্ৰত কলেষ্টেৰল শোষণ প্ৰতিহত কৰিব।

বাদাম: প্ৰতিদিনে এমুঠি বাদামে আপোনাৰ তেজত ক্ষতিকাৰক চৰ্বি বা নিম্ন-ঘনত্বৰ লিপিডৰ (এলডিএল) স্তৰ ৫ শতাংশলৈকে হ্ৰাস কৰিব পাৰে। ইয়াৰ বাহিৰেও, বাদাম খেলিলে কেলচিয়াম, মেগনেছিয়ামকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ উপাদান প্ৰাপ্ত হ’ব, যি আপোনাক গোটেই দিনটো শক্তিৰে পৰিপূৰ্ণ কৰি ৰাখিব।

বীনৰ বীজ: বীনৰ গুটি, মটৰ মাহত যথেষ্ট আঁহ থাকে, যি সহজে পাকস্থলী ভৰ্তি কৰে, গোটেই দিনটো কম ভোক লাগে আৰু কম খোৱা হয়।

সেউজীয়া শাক-পাচলি লগতে মধুৰিআমৰ দৰে ফল, আপেলত অন্ত্ৰত চৰ্বি শোষণ হ্ৰাস কৰাৰ উপাদান থাকে। এই প্ৰকাৰৰ পাচলি আৰু ফলবোৰে আপোনাৰ তেজত এলডিএলৰ স্তৰ ১০ শতাংশলৈকে হ্ৰাস কৰিব পাৰে।

তেলেতীয়া মাছ: তেলেতীয়া মাছ বিশেষকৈ তেলেতীয়া সামুদ্ৰিক মাছত অমেগা-৩ ফেটি এচিড থাকে, যি তেজত ক্ষতিকাৰক ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Exit mobile version