Site icon Guwahati Times

অসম চৰকাৰে শিলসাঁকো বিল অঞ্চলৰ ১৭৯ বিঘা ১৭ লেচা মাটি অধিগ্ৰহণ কৰিব

গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰাৰ লগতে প্রাকৃতিক পৰিৱেশ পুনৰুদ্ধাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰী মাহৰ শেষ ভাগৰ পৰা শিলসাঁকো বিলত উচ্ছেদ অভিযান চলাই আহিছে। শিলসাঁকো বিলত আৱণ্টিত হৈ থকা ১৭টাকৈ প্ৰতিষ্ঠান আৰু সংগঠনৰ মুঠ ১৭৯ বিঘা ১৭ লেচা মাটি অধিগ্ৰহণৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ১৭টা প্ৰতিষ্ঠানৰ ভিতৰত জিঞ্জাৰ হোটেল, অসম সাহিত্য সভাৰ ৫০ বিঘা, সদৌ অসম টেনিছ এছ’চিয়েশ্যনৰ ৫ বিঘা, কোচ-ৰাজবংশী সন্মিলনীৰ এবিঘা, মাধ্যমিক শিক্ষক সংস্থাৰ এবিঘা, অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ দুবিঘা মাটিৰ লগতে অসম বিধানসভা সচিবালয়ৰ বিষয়া আৱাসগৃহ, অসম চাহ শ্রমিক কল্যাণ পৰিষদ, নেশ্যনেল ইনষ্টিটিউট অব টেলিভিছন আৰু থিয়েটাৰ আদি প্ৰতিষ্ঠান আৰু সংগঠনৰ নামত আৱণ্টিত ভূমিও আছে।

Exit mobile version