Site icon Guwahati Times

প্ৰশ্নকাকত ভাইৰেল হোৱাৰ ক্ৰেডিটো মুখ্যমন্ত্ৰীয়ে লওক: অখিল গগৈ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাতিলক লৈ উত্তাল ৰাজ্য। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে একাংশ দল-সংগঠনে। বিভিন্ন ঠাইত সাৱ্যস্ত হৈছে প্ৰতিবাদ।

ইয়াৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে, আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে শিক্ষামন্ত্রীৰ পদত্যাগ দাবী কৰিছ।

সকলো ক্রেডিট মুখ্যমন্ত্রীয়ে লয়। প্রশ্নকাকত ফাদিলৰ ক্রেডিটও মুখ্যমন্ত্রীয়ে লওক বুলি কয় গগৈয়ে। লগতে কয় যে মুখ্যমন্ত্ৰীয়ে টিভিত ওলাই থাকিবৰ বাবে এনে কাম কৰে।

ইয়াৰোপৰি আছু, এজেপি, কংগ্ৰেছ আদিয়েও এই ঘটনাৰ বিৰোধিতা কৰে। এজেপিৰ সভাপতি লুৰিণ জ্যোতি গগৈয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবী কৰে।

তেওঁ কয় যে, সকলো দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজৰ লগতে ৰাখে। তেওঁৰ মতেই সকলোৱে কাম কৰিব পাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আৰু শিক্ষামন্ত্ৰীয়েও নৈতিকতাৰ খাতিৰত পদত্যাগ কৰিব লাগে বুলি কয় গগৈয়ে।

Exit mobile version