Site icon Guwahati Times

মদাহী এটাৰ লগত বিয়া হৈ মই ভৱিষ্যৎ ধ্বংস নকৰোঁ ! কইনাৰ প্ৰতিক্ৰিয়া

নলবাৰীৰ বৰখানাজানাত শেহতীয়াকৈ সুৰাপানৰ বাবে বিবাহৰ দিনাই এখন বিয়া বাতিল হোৱা বিষয়ক লৈ বাদ-বিবাদ অব্যাহত আছে। দৰাই মদ্যপান কৰি মণ্ডপতে মাটিত শুই পৰাৰ পিছত কইনাৰ বিয়া বাতিল কৰে আৰু তাৰ পিছতে আৰম্ভ হয় চৰ্চা।

দৰা আৰু দৰাৰ পৰিয়ালে এই দিশত ব্যক্ত কৰিছিল যে তেওঁ সুৰাপান কৰা নাছিল তেওঁৰ anxiety থকাৰ বাবে গা অসুস্থ হৈছিল। এইক্ষেত্ৰত তেওঁ চিকিত্‍সকৰো প্ৰেছক্ৰিপচনো প্ৰদৰ্শন কৰে। আনহাতে দৰাৰ মাতৃয়েও প্ৰকাশ কৰিছিল যে কইনাৰ কাৰোবাৰ সৈতে প্ৰেম।
দুয়োটা পৰিয়ালে আৰক্ষীৰ শৰণাপন্ন হয়। এনে সময়ত কইনাও ব্যক্ত কৰিছে নিজৰ মত। কইনাৰ মতে দৰাই সিদিনা মদ খাই অহাটো সঁচা আৰু তেওঁৰ কোনো প্ৰেমজনিত সম্পৰ্ক কাৰোৰে সৈতে নাই। দৰাই বিবাহৰ বাবে দিয়া সা-সামগ্ৰীও তেওঁলোকে দৰাক ওভতাই দিব বুলি জানিবলৈ দি কইনাৰ দেউতাকে উল্লেখ কৰে যে এনে সামগ্ৰী তেওঁলোকৰ ঘৰত ৰাখিলে ক্ষতিহে হ’ব।

কইনাৰ মতামতত দৰাৰ প্ৰতি তেওঁৰ আস্থাহীনতা প্ৰকাশ পায়, বিবাহৰ পূৰ্বে এটোপালো সুৰাপান নকৰা দৰাৰ বিয়াৰ দিনা তেনে ৰূপ দেখি তেওঁ বিশ্বাস ভংগ হয় আৰু বিয়া বাতিল কৰে।

Exit mobile version