Site icon Guwahati Times

ভাইৰেল হোৱাৰ পিছত আজৰি নাই কৰিশ্মাৰ, চ’ত মাহত এদিনো খালী নাই কৰিশ্মা

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নাগাৰা নামৰ প্ৰদৰ্শনৰ বাবে কৰিশ্মা নাথলৈ আহিছে আমন্ত্ৰণ। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ থাকে হাজাৰ হাজাৰ দৰ্শক। বিশেষকৈ ভাইৰেল হোৱা সেই নামটো চাবলৈ ভিৰ কৰেহি দৰ্শকে।

এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে অতি জনপ্ৰিয় হৈ পৰিছে নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথ (Karishma Nath)। বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত কেৱল কৰিশ্মা নাথক লৈ চৰ্চা। আৰু তাৰ পিছতে এতিয়া কৰিশ্মাৰ যেন বিতৰি নাই। প্ৰতিদিনেই নাগাৰা নামৰ আমন্ত্ৰণ কৰিশ্মাৰ।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত কৰিশ্মা নাথে জনায় যে ভাইৰেল হোৱাৰ পিছতে ৰাইজে খুব মৰম দিছে। বিভিন্ন স্থানত নাম প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ আহিছে। বহু লোকে সম্বৰ্ধনা জনাইছে, সন্মান জনাইছে। এনে সময় আহিব বুলি কেতিয়াও ভবা নাছিল বুলিও কৰিশ্মাই মন্তব্য কৰে।

কৰিশ্মাই সংবাদ মাধ্যমক জনোৱা মতে, চ’ত মাহত প্ৰতিটো দিনেই নাগাৰা নামৰ বাবে বুকিং হৈছে কৰিশ্মা। চ’ত মাহটোত প্ৰায় ২৯টা দিন নাগাৰা নাম প্ৰদৰ্শনৰ বাবে বুকিং হৈছে কৰিশ্মা। বাকী থকা এটা দিন কৰিশ্মাৰ ঘৰলৈ আহিব আৰু সেইবাবে সেইদিনা নামৰ আমন্ত্ৰণ ৰখা নাই।

Exit mobile version