Site icon Guwahati Times

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম সন্তান; মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩ত জিলিকিল নয়নজ্যোতি শইকীয়া

মাষ্টাৰচেফ ইণ্ডিয়াৰ ২০২৩ ৰ বিজয়ী হ’ল অসমৰ নয়নজ্যোতি শইকীয়া।

ফাইনেলৰ পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা ফটোত ট্ৰফীৰ সৈতে দেখা গৈছে নয়নজ্যোতি শইকীয়াক। Official ঘোষণাৰ অপেক্ষা…

ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’ (চিজন-৭) ‘মাষ্টাৰ চেফ ইণ্ডিয়া’ত জিলিকিছে তিনিচুকীয়াৰ নয়নজ্যোতি শ‌ইকীয়া।

তিনিচুকীয়াৰ গোবিন্দপুৰৰ অৰূপ শ‌ইকীয়া আৰু তুলিকা শ‌ইকীয়াৰ পুত্ৰ নয়নজ্যোতি । ৰিয়েলিটি শ্ব’টোত মুখ্য বিচাৰকৰূপে আছে বিশ্ব বিখ্যাত তথা জনপ্রিয় ভাৰতীয় চেফ্, ৰেষ্টুৰেটৰ, কুকবুক লেখক, চলচ্চিত্র নির্মাতা, মানৱতাবাদী বিকাশ খান্না, ভাৰতীয় চেলিব্রিটি চেফ, লেখক আৰু ৰেষ্টুৰেটৰ ৰণবীৰ সিং ব্রাৰ আৰু ভাৰতীয় চেফ্ গৰিমা অৰোৰা ।

উল্লেখ্য যে গুৱাহাটীত বি টেক পঢ়িবলৈ গৈ নিজে ৰন্ধা-বঢ়া কৰি ভাড়াৰুমত থাকিবলগা হৈছিল নয়নজ্যোতিয়ে । তেতিয়াৰ পৰাই ন ন ৰূপত খাদ্য প্রস্তুত কৰি খোৱাৰ এক ৰাপ তথা আগ্রহ গঢ়ি উঠিছিল নয়নজ্যোতিৰ । এইদৰেই পিছলৈ এই ৰাপ পৰিণত হৈছিল নিচালৈ । বিভিন্ন ধৰণৰ খাদ্য প্রস্তুত কৰা কিতাপ পঢ়ি ভালপোৱা নয়নজ্যোতিয়ে প্ৰস্তুত কৰিছিল সুস্বাদু ব্যঞ্জন । এই আগ্রহ বুকুত বান্ধি এদিন নয়নজ্যোতিয়ে অডিচ’ন দিছিল ছনী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ ‘মাষ্টৰ চেফ ইণ্ডিয়া’ত আৰু এই অডি’চনত নিৰ্বাচিত হৈ এই ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে ।

ৰিয়েলিটি শ্ব’ত নয়নজ্যোতিয়ে প্ৰস্তুত কৰা ব্যঞ্জনত মুগ্ধ হৈ অলপতে নয়নজ্যোতিৰ তিনিচুকীয়াৰ গোবিন্দপুৰস্থিত বাসগৃহত উপস্থিত হৈছিলহি অন্যতম বিচাৰক বিকাশ খান্না । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহৰ ভিত্তিত এনে সফলতা দেখি মোহিত হৈ পৰে ভাৰত তথা বিশ্বৰ জনপ্ৰিয় চেফ বিকাশ খান্না ৷ নয়নজ্যোতিৰ বাসগৃহত উপস্থিত হৈ চেফ বিকাশ খান্নাই পৰিয়ালৰ সৈতে মিলি এসাজ অসমীয়া আহাৰৰ সোৱাদ লয় । লগতে প্ৰথমবাৰৰ বাবে ৰবাব টেঙা খাই অভিভূত হৈ পৰে চেফগৰাকী । তদুপৰি চেফগৰাকীয়ে অসমৰ চাহ বাগিচাৰ সৌন্দৰ্য দেখিও মুগ্ধ হৈ পৰে ।

উল্লেখ্য যে, ৰিয়েলিটি শ্ব’টোত নিজে জিলিকি উঠাৰ সমান্তৰালভাৱে নয়নজ্যোতিয়ে আলু পিটিকা, কলডিল আৰু কুকুৰা মাংসৰ জোল আদি অসমীয়া থলুৱা খাদ্য তৈয়াৰ কৰি অসমীয়া খাদ্যক বিশ্ব দৰবাৰত জিলিকাই তুলিছে ।

Exit mobile version