Site icon Guwahati Times

এইবাৰ অনন্য ৰূপত দীপলিনা ডেকা, পৰম্পৰাগত কাৰ্বি জনগোষ্ঠীয় পোছাক পৰিধান কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

বৰ্তমান সময়ৰ অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে সামাজিক মাধ্যমতো অতি জনপ্ৰিয় তথা সক্ৰিয় শিল্পীগৰাকী।

শেহতীয়াকৈ, ‘হাতত হাত ধৰা’ ফটো এখনৰ জৰিয়তে সামাজিক মাধ্যমত চৰ্চাত আছিল দীপলিনা ডেকা। অৱশেষত, সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই হাতখনৰ নেপথ্যত থকা ব্যক্তিজনৰ পৰিচয় ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল দীপলিনা ডেকাই।

এইবাৰ দীপলিনা ডেকাক দেখা গৈছে অন্য এক ৰূপত। কণ্ঠশিল্পীগৰাকীয়ে পৰম্পৰাগত কাৰ্বি জনজাতীয় পোছাক পৰিধান কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এইকেইখন ফটো।

দীপলিনা ডেকাই কাৰ্বি জনজাতীয় পৰম্পৰাগত পোছাক পৰিধান কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “Kardom, Flauting our absolutely gorgeous Karbi traditional attire #vibrantassam”

সামাজিক মাধ্যমত দীপলিনা ডেকাই শ্বেয়াৰ কৰা ফটোসমূহত বহুজনে প্ৰশংসাৰে উপচাই পেলাইছে কণ্ঠশিল্পীগৰাকীক। তাৰমাজতে খেনোৱে যদি কৈছে, “আপুনি মোৰ প্ৰিয় কণ্ঠশিল্পী”, খেনোৱে আকৌ ক’লে, “এইবাৰ বিহুত লগ পাম দেই”I

Exit mobile version