Site icon Guwahati Times

‘বঁটাটো নাহিদেই পাইছে, বঁটা ঘূৰাই দিব নালাগে !

বঁটা নাহিদক দিয়া হৈছে প্ৰডিউচাৰ-ডাইৰেক্টৰে দিয়া নামৰ ভিত্তিত। এয়া হিউমেন এৰ’ৰ। গানটোৰ নামটো দিওঁতেহে ভুল হৈছে। জুৰীৰ সদস্যৰ গাত একো দোষ নাই। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ।

মন্ত্ৰীগৰাকীয়ে কয়, বঁটাটো নাহিদেই পাইছে। গানটো ভুলকৈ ‘নীলাতে লুকা-ভাকু’ বুলি উল্লেখ হ’ল। নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগে। এই বিতৰ্কৰ অৱসান হ’ব লাগে।

বৰাই কয়, ‘‘চিনেমাখনত নাহিদে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে। হিউমেন এৰ’ৰ ‘নীলাতে লুকা ভাকু’ বুলি উল্লেখ কৰাটোৱেই।’’

Exit mobile version