Site icon Guwahati Times

প্ৰৱল বৃষ্টিপাত, ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱণা…

আহিব পাৰে ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা, শিলাবৃষ্টি। উত্তৰ-পূবৰ লগতে অসমত প্রৱল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।বৃষ্টিপাতৰ লগতে হ’ব পাৰে ধুমুহা হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্রই ইতিমধ্যে জাৰি কৰিছে য়েল্ল’ এলাৰ্ট।বৃহস্পতিবাৰৰ পৰা আগন্তুক ৫ দিনলৈ জাৰি থাকিব এই সতৰ্কতা। ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা বলাৰো সম্ভাৱনা আছে লগতে ঠাই বিশেষে শিলাবৃষ্টিও হ’ব পাৰে।

উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে বৰষুণ, ধুমুহাৰ লগতে কিছু কিছু ঠাইত শিলাবৃষ্টি হোৱাও দেখা যায়। ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণপ বাবে বিস্তৰ ক্ষতি সাধন হোৱাও পৰিলক্ষিত হয়।

Exit mobile version