Site icon Guwahati Times

ৰোগীক ভুল চিকিৎসা ৰিপৰ্ট দি বিতৰ্কত নগাঁৱৰ আলট্ৰালেব

ৰোগীক ভুল স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্ট দি বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে নগাঁৱৰ আলট্ৰালেব নামৰ ব্যক্তিগত স্বাস্থ্যপৰীক্ষা প্ৰতিষ্ঠানটোৱে তেজৰ পৰীক্ষাৰ ৰিপৰ্ট চৰম ভুলকৈ দিয়াৰ তথ্য পোহৰলৈ আহিছে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰোগীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত নগাঁও চহৰৰ মিছন মাৰ্কেটৰ আলট্ৰালেব নামৰ প্ৰতিষ্ঠানটোত তেজৰ ট্ৰাইগ্লিছাৰিড পৰীক্ষা কৰিছিল। পৰীক্ষাৰ ৰিপৰ্টত ৰোগী গৰাকীৰ শৰীৰত ট্ৰাইগ্লিছাৰিডৰ পৰিমাণ ৬৭৯ বুলি উল্লেখ কৰে আলট্ৰালেবে। উল্লেখযোগ্য যে, এগৰাকী সুস্থ ব্যক্তিৰ শৰীৰত ট্ৰাইগ্লিছাৰিডৰ পৰিমাণ সৰ্বাধিক ১৫০ থাকিব লাগে। সেয়ে এই ৰিপৰ্ট পোৱাৰ লগে লগে চিন্তিত হৈ পৰে ৰোগী গৰাকী। তেঁও পুনৰ গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতালত ট্ৰাইগ্লিছাৰিডৰ পৰীক্ষা কৰাত তেঁওলোকৰ ৰিপৰ্টত ইয়াৰ পৰিমাণ ১৪৬ বুলি উল্লেখ কৰে। ইয়াৰ পিছতে নগাঁৱত আলট্ৰালেবত ৰোগীৰ স্বাস্থ্যপৰীক্ষাৰ নামত চৰম ভুল ৰিপৰ্ট প্ৰদান কৰা বিষয়টো প্ৰমাণ হৈ পৰিছে। অৱশ্যে আলট্ৰালেবৰ কৰ্তৃপক্ষই এয়া ছপা মেচিনৰ ভুল বুলি কৈ দায় সাৰিব বিচাৰিছে। পিছে এনে ভুল ৰিপৰ্টৰ বাবেই বহু সময়ত ৰোগীয়ে ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱাব লগীয়াও হৈছে। সেয়ে এই ক্ষেত্ৰত অসমৰ স্বাস্থ্যবিভাগে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়।

Exit mobile version