Site icon Guwahati Times

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টৰমাইণ্ড গ্ৰেপ্তাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টৰমাইণ্ডক আৰক্ষীয়ে চিনাক্ত কৰিছে। লখিমপুৰত CIDএ এই সমগ্ৰ কাণ্ডৰ মূল মাষ্টৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ মূল মাষ্টৰমাইণ্ড প্ৰণৱ দত্ত লুইত খাৱলু পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক আছিল। কুমুদ ৰাজখোৱাৰ সৈতে মিলি দত্তই প্ৰশ্নকাকতৰ বেপাৰ চলাইছিল। দুয়োৱে ধনৰ বিনিময়ত ছাত্ৰ–ছাত্ৰীৰ মাজত প্ৰশ্নকাকত বিলাইছিল।

জানিব পৰা মতে, কুমুদ ৰাজখোৱা ডফলাকটা HS বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক আছিল। বৰ্তমান কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে। আনহাতে, নৈৰ মাজেৰে পলাবলৈ গৈ থকা অৱস্থাতেই প্ৰণৱ দত্তক CIDএ আটক কৰে।

ইফালে, প্ৰশ্নকাকত ফাদিল চক্ৰক বিচাৰি মাজুলীত অভিযান চলিছে। লুইত খাৱলু কাম্বং গাঁৱতো আৰক্ষীৰ অভিযান অব্যাহত আছে। ধৃত অভিযুক্ত প্ৰণৱ দত্তক লৈ আৰক্ষীৰ সোধপোছ চলি থকাৰ লগতে তথ্য অনুসৰি অৱসৰপ্ৰাপ্ত শিক্ষক অবুৰাম পেগুৰ ঘৰতো আৰক্ষীৰ অভিযান চলিছে।

Exit mobile version